গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতীয় পৰম্পৰাগত চিকিৎসাৰ কৰ্মশালা

 গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতীয় পৰম্পৰাগত চিকিৎসাৰ কৰ্মশালা

আজি গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম বিকল্প চিকিৎসক সন্থাই ভাৰতীয় পৰম্পৰাগত চিকিৎসা আকুপ্ৰেছাৰ, মেগনেট থেৰাপি, যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত কৰে ।

দিনৰ ১১ বজাত কৰ্মশালাখন উদ্বোধন কৰে প্ৰাক্তন উপায়ুক্ত কনক চন্দ্ৰ শৰ্মাই । উদ্বোধনী ভাষণত তেওঁ কয়, 'বিকল্প চিকিৎসা আজি অসমত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে ।

কাৰণ আজি আমি গ্ৰহণ কৰা খাদ্য প্ৰণালী যিমান ভেজাল হবলৈ ধৰিছে, তাৰফলত আমি নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে বিকল্প চিকিৎসা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে।' অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা সঞ্চালক ডঃ হৰেন্দ্ৰ চন্দ্ৰ নাথ ৷

আকুপ্ৰেছাৰ চিকিৎসাৰ চিকিৎসক ডাঃ মনোজ চক্ৰৱৰ্তী আৰু ডাঃ কবিতা মোডীয়ে কলকাতাৰ পৰা আহি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু প্ৰজেক্টৰৰ সহায়ত এই চিকিৎসাৰ ওপৰত বিজ্ঞানসন্মত প্রদর্শন আগবঢ়ায় ।

পতঞ্জলি যোগ সমিতিৰ কামৰূপ মহানগৰৰ সভাপতি তথা নেমকেয়াৰ হাস্পতালৰ শল্য চিকিৎসক ডাঃ ভূপেন্দ্ৰ প্ৰসাদেও অংশগ্ৰহণ কৰে কৰ্মশালাখনত ।

তেওঁ মধুমেহ আৰু উচ্চ ৰক্তচাপ যোগাসনৰ জৰিয়তে কেনেদৰে নিৰ্মূল কৰিব পাৰি সেই বিষয়ে বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়ায় ।

Your Comments