নিউজ ডেস্ক:
ক'ৰনাৰ দ্ৰুত গণ সংক্ৰমণৰ মাজতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা।মাধ্যমিক শিক্ষা সংসদে বুধবাৰে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে।১৫মাৰ্চৰ পৰা আৰম্ভ হ'ব ২০২২বৰ্ষৰ চূড়ান্ত পৰীক্ষা।কলা, বাণিজ্য, বিজ্ঞান আৰু ভকেচনেল আটাইকেইটা শাখাত পৰীক্ষা অনুষ্ঠিত হ’ব।
শিক্ষা সংসদে ঘোষণা কৰা সূচী অনুসৰি ১৫মাৰ্চত ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।১২এপ্ৰিলত সামৰণি পৰিব এইবাৰৰ পৰীক্ষা।
ইফালে চূড়ান্ত পৰীক্ষাৰ ব্যৱহাৰিক বিষয় পৰীক্ষাসমূহ ২১ ফেব্ৰুৱাৰীৰ পৰা ১০মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব।
গুৰুত্বপূৰ্ণ কথা এই যে ,যোৱা বৰ্ষত ক'ৰনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ বাবেই পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল।বিশেষ মূল্যাংকন পদ্ধতিত ঘোষণা কৰা হৈছিল ফলাফল।আনহাতে, চলিত বৰ্ষত যিকোনো উপায়েৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে শিক্ষা বিভাগ প্ৰস্তুত বুলি ইতিমধ্যে ঘোষণা কৰিছে।
- Log in to post comments
- 20 views