বন বিভাগৰ চালান নীতি সংশোধনৰ বাবে ১৫ দিনৰ সময়সীমা পৰিমল শুক্লবৈদ্যক

বন বিভাগৰ চালান নীতি সংশোধনৰ বাবে ১৫ দিনৰ সময়সীমা পৰিমল শুক্লবৈদ্যক

আজি গুৱাহাটী প্ৰেছ ক্লাবত বন বিভাগে বাহনৰ পৰিবহণ ক্ষমতা অনুযায়ী শিল-বালিৰ চালানৰ ব্যৱস্থাৰ দাবীত অসম জাতীয়তাবাদী উন্নয়ন পৰিষদ, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু সদৌ অসম গৰিয়া-মৰীয়া যুৱ-ছাত্ৰ পৰিষদে এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত তেওঁলোকৰ দাবী, বন বিভাগে সকলো গাড়ীকে একেই চালান প্ৰদান কৰে । এখন ডাম্পাৰ বা তাৰ সমপৰ্যায়ৰ এখন ট্ৰাকক সামগ্ৰী কঢ়িওৱাৰ বাবে যি পৰিমাণৰ চালান কাটি দিয়ে সেই একে পৰিমাণৰ চালান দিয়ে এখন ট্ৰেক্টৰ বা ডি আই পৰ্যায়ৰ গাড়ীৰ ক্ষেত্ৰতো ।

তেওঁলোকৰ অভিযোগ, বন বিভাগে নিৰ্দিষ্ট কৰি লৈছে যে প্ৰতিখন গাড়ীয়ে যিমান পৰিমাণৰ সামগ্ৰীয়ে কঢ়িয়াই নিনিয়ক কিয়, বিভাগটোৱে প্ৰদান কৰে ১০ চিএমৰ চালান । তাৰফলত এখন ডাম্পাৰে যদি ২৪ চিএম বালি বা শিল কঢ়িয়াই আনে তেতিয়া মাত্ৰ ১০ চিএমৰ কৰহে চৰকাৰৰ ঘৰত দিব লাগে ৷

বাকী ১৪ চিএমৰ কৰ তেওঁলোক দিব লাগে ৰাস্তাত থকা তালাচী চকীসমূহত । ঠিক একেদৰে এখন ডি আই গাড়ীয়ে যদি শিল বা বালি ৫ চিএম কঢ়িয়াই আনে তেতিয়াও সেই গাড়ীখনে চৰকাৰৰ ঘৰত কৰ হিচাপে দিব লাগে ১০ চিএমৰ এই কৰ ।

ইয়াৰ ফলত গাড়ীৰ গৰাকী আৰু ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হ'বলগাত পৰে ৷ আনহাতে, এখন ডাম্পাৰে ২৪ চিএম শিল বা বালি আনিও ১০ চিএমৰ কৰ দিব লাগে ৷ তাৰফলত চৰকাৰৰ বহু পৰিমাণে কৰ লোকচান হয় ।

কিন্তু তালাচী চকীসমূহত থকা বিষয়া-কৰ্মচাৰী, পুলিচ আৰু বন বিভাগৰ কিছুসংখ্যক ব্যক্তি লাভৱান্বিত হয় । একেদৰে কেতিয়াবা ১২ চিএম সামগ্ৰী কঢ়িয়াই অনা এখন গাড়ীক ১০ চি এম চালান দিযাৰ বাবে তালাচী চকীসমূহত জৰিমনা বিহা হয় ৷

যাৰফলত লোকচানৰ সন্মুখীন হয় গাড়ীৰ মালিকসকল । বন বিভাগৰ এই নিয়ম অতি সোনকালে উঠাই লৈ বাহনৰ ক্ষমতা অনুযায়ী চালান দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি সংবাদমেলযোগে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক অনুৰোধ জনায় ।

ইয়াৰ বাবে ১৫ দিনৰ সময় সীমা বান্ধি দিয়ে সংগঠনকেইটাই । যদি তেওঁলোকৰ অনুৰোধৰ প্ৰতি বন বিভাগে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে অনাগত দিনত সকলো গাড়ীৰ মালিক একেলগ হৈ বন বিভাগৰ বিৰুদ্ধে আন্দোলন কৰিব বুলিও সংবাদমেলযোগে হুংকাৰ দিয়ে ৷ 

Your Comments