অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্যৰ অকাডেমি: অভিজিৎ বৰা, মৃণাল কলিতালৈ যুৱ আৰু বাল বঁটা

A

নিউজ ডেস্ক:


অসমীয়া সাহিত্য জগতলৈ আন এক ভাল খবৰ।জ্ঞানপীঠ বঁটাৰ পাছত এইবাৰ অসমলৈ সাহিত্য অকাডেমী।বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা।সাহিত্যিক গৰাকীয়ে 'ইয়াত এখন অৰণ্য আছিল' গ্ৰন্থৰ বাবে লাভ কৰিছে এই বঁটা।উল্লেখ্য যে এখন অৰণ্যৰ, এখন পাহাৰৰ ওপৰত আধাৰিত 'ইয়াত এখন অৰণ্য আছিল' শীৰ্ষক গ্ৰন্থখন।

আনহাতে যুৱ সাহিত্যিক মৃণাল  কলিতা 'বকুল ফুলৰ দৰে' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বাল বঁটা আৰু অভিজিৎ বৰা 'ডেউকা কোবাই যায়' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি যুৱ বঁটালৈ নিৰ্বাচিত হৈছে।

উল্লেখ্য যে অসমৰ পৰা ১০খন গ্ৰন্থ এইবাৰ সাহিত্য অকাডেমিৰ বাবে মনোনীত হৈছিল।

Your Comments