দাবী প্ৰতিবাদ অৰ্থলে গ'ল; নাগালেণ্ডত ৬মাহলৈ ম্যাদ বৃদ্ধি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

A

নিউজ ডেস্ক:

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ চলি থকা ৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰণালয়ে বৃদ্ধি কৰিলে ম্যাদ।নাগালেণ্ডত পুনৰ ৬মাহলৈ বৃদ্ধি AFSPA ম্যাদ।

কেন্দ্ৰীয় চৰকাৰে অশান্ত অঞ্চল ঘোষণাৰে সমগ্ৰ ৰাজ্যখনত ম্যাদ বৃদ্ধি কৰা হৈছে আইনখনৰ।

আজিৰে পৰা ম্যাদ বৃদ্ধি কাৰ্যকৰী হৈছে ৰাজ্যখনত।

উল্লেখ্য যে ডেৰমাহৰ পূৰ্বে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখনৰ সুৰুঙা লৈ ১৩জনকৈ নিৰীহক হত্যা কৰিছিল সেনাই।তাৰ পাচতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলজুৰি AFSPA আইনখন প্ৰত্যাহাৰ দাবীত সাব্যস্ত হৈছিল প্ৰতিবাদ।আনকি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও সাধাৰণ জনতাৰ সৈতে আইনখন উঠাই লোৱা দাবী জনাইছিল কেন্দ্ৰীয় চৰকাৰক।

Your Comments