এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনাদৰ্শ অন্তৰ্ভুক্তি কৰি দেশৰ নৱপ্ৰজন্মক গুৰুজনাৰ বিশাল ব্যক্তিত্ব সম্বন্ধে জানিবলৈ সুবিধা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উথ্থাপন কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৷
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীক লিখিতভাৱে অসমবাসীৰ হৈ এই দাবী কৰা বুলি জানিবলৈ দিয়ে সাংসদগৰাকীয়ে ৷
গুৰুজনাৰ একান্ত ভক্ত সাংসদ গৌৰৱ গগৈয়ে ৰাজনীতিৰ ব্যস্ততাৰ মাজতে পবিত্ৰ ভাদমাহত ঐতিহ্যমণ্ডিত কোচবিহাৰৰ মধুপুৰ সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলীয়া বৰনামঘৰ, ভৰালী নামঘৰ আদিত সেৱা নিবেদন কৰাৰ পিছত সোমবাৰে গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত সেৱা লৈ সমষ্টিবাসীৰ লগতে নিজৰ কুশল মংগল কামনাৰে আশিস গ্ৰহণ কৰে ৷
ইয়াৰ পিছতে সাংসদগৰাকী শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ মনিকূটৰ কাষতে থকা হাটিপুখুৰীৰ পাৰত সাংসদ উন্নয়ন পুঁজিৰ ১০ লাখ টকা ব্যয়েৰে ভকতসকলৰ বাবে দুটা অত্যাধুনিক হাটিবহাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৷
এই অনুষ্ঠানত শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী, থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰমোহন বৰুৱা, যোগেন শইকীয়া প্ৰমুখ্যে সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি ধৰ্মবস্ত্ৰ, কুহিলা কঠ, থান বৰ্ণনাৰ গীত, শৰাই, গ্ৰন্থৰ টোপোলা আদিৰে সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে ৷
ইয়াৰ পূৰ্বে সাংসদগৰাকীয়ে বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নৰোৱা কুঁজিসত্ৰ বৈষ্ণৱপুৰ থানৰ সন্মুখভাগত সাংসদ উন্নয়ন পুঁজিৰ ৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এটি আটকধুনীয়া প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰি ইতিহাস প্ৰসিদ্ধ থানখনত সেৱা লয় ৷
লগতে সত্ৰাধিকাৰ, ভকত, বৈষ্ণৱ, আইসকলৰ স'তে মত বিনিময় কৰে ৷ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী প্ৰমুখ্যে ভকতসৱে থান প্ৰাংগণত আযোজন কৰা অনুষ্ঠানত যুৱ সাংসদগৰাকীক উষ্ম আদৰণি জনায় ৷
বিয়লি কদমনি টাইটেল মাদ্ৰাছাত এটি ছাত্ৰাবাসৰ লগতে বাটমাৰী ছোবাহী মাদ্ৰাছাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি শিক্ষক-ছাত্ৰ সমাজৰ লগত মত বিনিময় কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
- Log in to post comments
- 10 views