অসম মিঞা পৰিষদৰ কাঠনি আৰু ধুমকুৰা পঞ্চায়ত সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত নৈ পৰীয়া অঞ্চলটোত চলি থকা বাল্য বিবাহ, শিশু শ্রমিক, মদ, ভাং, জোৱা, তিৰখেল আদি অসামাজিক কামৰ বিৰুদ্ধে এখনি সজাগতা সভা কাঠনিত অনু্ষ্ঠিত হয় । উক্ত সভাখনত জিলা প্ৰশাসনৰ হৈ মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুবুল গগৈ উপস্থিত থাকি ৰাইজক অসামাজিক কাৰ্যকলাপসমূহ শীঘ্ৰেই বন্ধ কৰাৰ আশ্বাস প্ৰধান কৰে ।
বিশিষ্ট অথিতি হিচাপে সভাখনত উপস্থিত থকা মৰিগাঁও জিলাৰ সহকাৰী অধীক্ষক প্ৰতাপ দাসেও অসামাজিক কাৰ্যকলাপসমূহ শীঘ্ৰেই বন্ধ কৰাৰ আশ্বাস প্ৰধান কৰে । সভাখনত অথিতি হিচাপে উপস্থিত থাকে অসম মিঞা যুৱ পৰিষদ'ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফেৰদৌছ জিন্না আৰু মিঞা ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জহিৰুল ইছলাম ।
অসম মিঞা যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফেৰদৌছ জিন্নাই কাঠনি অঞ্চলত অবৈধভাৱে চলি থকা ৭টাকৈ মদৰ গাঠিৰ লগতে জোৱা, মদ, ভাং তিৰ খেল, শিশু শ্রমিক, বাল্য বিবাহ আদি যিবোৰ অসামাজিক কাম চলি আছে এই অসামাজিক কাম-কাজসমূহ বন্ধ কৰাৰ বাবে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ আজিৰ সজাগতা সভাখন অনুষ্ঠিত কৰা হৈছে বুলি জানিব দিয়ে । সভাখনত অঞ্চলটোৰ পুৰুষ-মহিলাকে ধৰি প্ৰায় সহশ্ৰাধিক লোক উপস্থিত থাকে ।
- Log in to post comments
- 15 views