কাকীত বিজেপি নেতাৰ প্ৰৱঞ্চনা : চাকৰিৰ প্ৰলোভনেৰে মহিলাৰ পৰা ধন আত্মসাৎ

aa

হোজাই জিলাৰ লংকাৰ কাকী গ্ৰামাঞ্চলৰ একাংশ অতি দৰিদ্ৰ মহিলাক বিভিন্ন প্ৰলোভনেৰে চাকৰি দিম বুলি প্ৰলোভিত কৰা এজন প্ৰৱঞ্চকৰ চৰম প্ৰৱঞ্চনাৰ বলি হৈ এইসকল মহিলাই উপায়ন্তৰত আৰক্ষীৰ সহায় ল’বলগীয়া হয়গৈ ৷ মহিলাসকলৰ এজাহাৰৰ ভিত্তিত কাকী আৰক্ষী থানাত উপস্থিত হৈ এইসকল দৰিদ্ৰ মহিলাৰপৰা ধন লোৱাৰ কথা স্বীকাৰ কৰে অভিযুক্তই হোজাইৰ উপ-আৰক্ষী অধীক্ষক ভনীতা নাথৰ ওচৰত ১০ দিনৰ ভিতৰত সমুদায় ধন আদায় দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে এইজন তথাকথিত বিজেপি নেতাই ৷

২নং কাকীৰ লুলু শইকীয়া নামৰ এইজন প্ৰৱঞ্চকে "বুনিয়াদী মাতৃ এছ’চিয়েচন, অসম" নামৰ এটি সংস্থাৰ জৰিয়তে এইসকল মহিলাক স্থানীয় বিদ্যালয়সমূহত প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক চোৱাচিতাৰ ক্ষেত্ৰত শিক্ষয়িত্ৰী হিচাপে নিয়োজিত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি ১৫/১৬ বছৰ পূৰ্বেই অতি দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ পৰা আঁভুৱাৰে ধন লৈ বিভিন্ন আশ্বাসেৰে দিন পিচুৱাই নি আছিল চাকৰি হ’ব বুলি ৷

aa

উল্লেখ্য যে মহিলাসকলৰ অধিকাংশয়েই মেট্ৰিক অনুতীৰ্ণ । এই মহিলাসকলৰ যোগ্যতাক লৈয়ো প্ৰশ্ন উঠিছে যদিও কিহৰ লালসাত প্ৰৱঞ্চক লুলু শকীয়াই চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিলে সেয়াও এক প্ৰশ্ন ৷ এইজন লুলু শইকীয়া বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈ পৰে ৷ বৰ্তমান নিজকে এজন বিজেপি নেতা বুলিও দাম্ভিক মাৰে ৷ স্থানীয় বিধায়ক শীবু মিশ্ৰৰে সু-সৰ্ম্পক আছে বুলি জহাই ফুৰা এইজন ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উঠি আহিচে যদিও সুচতুৰ লুলু শইকীয়াই সুৰুঙাৰে সাৰি আহি পুনৰ প্ৰৱঞ্চনাৰ জাল পেলাই অসহায় দৰিদ্ৰ লোকক প্ৰৱঞ্চিত কৰি আহিছে ৷

Your Comments