অসুস্থ জুবিন গাৰ্গ, নিশা চিকিৎসালয়ত ভৰ্তি

A





নিউজ ডেস্ক:

পুনৰ শাৰীৰিক অসুস্থতাত ভুগিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ । উচ্চৰক্তচাপজনিত সমস্যাত আক্ৰান্ত জুবিন গাৰ্গক বৃহস্পতিবাৰে নিশা আয়ুচুন্দ্ৰা হস্পিটেলত ভৰ্তি কৰোৱা হয়।
বৰ্তমান কণ্ঠশিল্পী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। জুবিনৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে জিৰণিৰ পৰামৰ্শ দিছে শিল্পী গৰাকীক।
উল্লেখযোগ্য যে, বিগত বৰ্ষতো শিল্পী জুবিন গাৰ্গ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰিছিল।

Your Comments