মাটিৰ দালাল গ্ৰেপ্তাৰৰ নামত চৰকাৰে নাটক কৰাৰ অভিযোগ সদৌ অসম উন্নয়ন পৰিষদৰ

A

 

নিউজ ডেস্ক:
মাটিৰ দালাল গ্ৰেপ্তাৰৰ নাটক কৰিছে চৰকাৰে ৷
এই অভিযোগ উথ্থাপন কৰিছে সদৌ অসম উন্নয়ন পৰিষদে ৷ বৰপেটা প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উথ্থাপন কৰে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত গগৈয়ে ৷
উল্লেখ্য যে মাটিৰ দালালৰ গ্ৰেপ্তাৰৰ নামত কেইটামান পুঠি খলিহনা ধৰাৰ বাহিৰে আন একো কৰিব পৰা নাই বুলি কয় গগৈয়ে । তেওঁ লগতে কয় যে "বিভিন্ন বিভাগত দালালৰাজ চলি আছে ,চৰকাৰে এই দালালৰাজ বন্ধ কৰিম বুলি কৈছে যদিও বিশেষ একো কৰিব পৰা নাই । অতি সোনকালে যেন বিভিন্ন বিভাগৰ এই দালালবোৰক ধৰি জেলত ভৰাই দালালৰাজ বন্ধ কৰে তাৰ বাবে দাবী জনাইছে। "

Your Comments