অধিক ভাড়া সংগ্ৰহ কৰিলে কৰ্তন হ’ব বাহনৰ অনুজ্ঞা পত্ৰ- চন্দ্ৰমোহন পাটোৱাৰী

A



নিউজ ডেস্ক:
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে যাত্ৰীবাহী বাহনসমূহে বৃদ্ধি কৰিছে ভাড়া।
উল্লেখ্য যে ,মূল্যবৃদ্ধিৰ অজুহাত লৈ একাংশ গাড়ী চালকে হুৰাহুৰে বৃদ্ধি কৰিছে ভাড়া । কিন্তু যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰাক লৈ সকীয়নি প্ৰদান কৰিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।চৰকাৰে ভাড়া বৃদ্ধি নকৰালৈকে কোনো বাহনে ল’ব নোৱাৰিব অধিক ভাড়া৷ অধিক ভাড়া সংগ্ৰহৰ তথ্য পালে কৰ্তন কৰা হ’ব অনুজ্ঞা পত্ৰ বুলি সকীয়নি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।গুৰুত্বপূৰ্ণ কথা এই যে ,চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়ালৈ জাৰি কৰিছে এই নিৰ্দেশনা৷

Your Comments