মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰত জামিন বিধায়ক শ্বেৰমান আলীৰ

A

নিউজ ডেস্ক:


বিধায়ক শ্বেৰমান আলীৰ  জামিন।বিধায়ক পুঁজি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰত বৃহস্পতিবাৰে জামিন লাভ কৰে বাঘবৰৰ বিধায়ক গৰাকীয়ে।

কামৰূপ জিলা বিশেষ ন্যায়াধীশৰ আদালতে ৫০হাজাৰ টকা আৰু ২ জামিনদাৰ বণ্ডত জামিন দিয়ে।

ন্যায়ালয়ে উল্লেখ কৰা মতে জামিনদাৰ এগৰাকী চৰকাৰী চাকৰিয়াল হ'ব লাগিব।

উল্লেখ্য যে শ্বহীদক অপমান কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আলী।অসম আন্দোলনৰ শ্বহীদ সকলক ঘাটক আখ্যা দিছিল বাঘবৰৰ বিধায়ক গৰাকীয়ে।

Your Comments