অসম জৈৱ-বৈচিত্ৰ পৰিষদৰ ২৫লাখ টকা হৰলুকীৰ অভিযোগ, মঙলদৈৰ পৰা নৱজ্যোতি ডেকাক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

অসম জৈৱ বৈচিত্ৰ পৰিষদৰ ধন হৰলুকীৰ অভিযোগত এজনক গ্ৰেপ্তাৰ।মঙলবাৰে মঙ্গলদৈৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত অভিযুক্ত গৰাকী  হৈছে নৱজ্যোতি ডেকা।

উল্লেখ্য  যে আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি পৰিষদৰ একাউন্টৰ পৰা ২৫লাখ টকা হৰলুকীৰ অভিযোগত ধৃত ডেকাক গ্ৰেপ্তাৰ।

পৰিষদৰ একাউণ্টৰ পৰা ২৫লাখ টকা আত্মাস্যাৎ কৰাৰ কৌশল ৰচনা কৰি ইতিমধ্যে ২০হাজাৰ টকা উলিয়াইছিল।বাকী ধনৰাশি আৰক্ষীয়ে একাউণ্টাটোত জমা থকা অৱস্থাতে চির্জ কৰা বুলি জানিব দিয়ে।দিছপুৰ আৰক্ষীয়ে ৩৮৭১/২১নম্বৰত ধৃত অভিযুক্ত গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।বুধবাৰে ডেকাক ৩ দিনৰ কাৰণে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

Your Comments