নিউজ ডেস্ক:
বিশাল জনসমাগমত উপ-নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰণি পৰাৰ লগে লগে পুনৰ ক'ৰনাৰ প্ৰকোপ ৰাজ্যত।গুৱাহাটী মহানগৰীত কন্টেইনমেণ্ট জ'ন ঘোষণা।
বৃহস্পতিবাৰে কামৰূপ(ম) জিলা প্ৰশাসনে ৰূপনগৰস্থিত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ কাৰ্যালয় তথা মূল পথছোৱা কন্টেইনমেণ্ট জ'ন ঘোষণা কৰে ।উল্লেখ্যে যে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ এছপি ৰজী কলিতাসহ মুঠ ১১জনকৈ বিষয়া-কৰ্মচাৰী শেহতীয়া ভাৱে আক্রান্ত ক'ৰনাত।
জিলা প্ৰশাসনৰ জাননী উল্লেখ কৰা মতে উত্তৰে অসম ৰাজ্যিক পৰিবহণ নিগম কৰ্মশালা, দক্ষিণে জিএমচি পথ পূৰ্বে শ্ৰীমন্তপুৰ মূল পথ, পশ্চিমে ৰূপনগৰ মূল পথত ঘোষণা কৰিছে কন্টেইনমেণ্ট জ'ন।
জিলা প্ৰশাসনে অৱগত কৰা মতে উক্ত অঞ্চলসমূহত অধিক ক'ৰনাত আক্রান্ত ধৰা পৰিছে।কন্টেইনমেণ্ট জ'নত প্ৰৱেশ সম্পূৰ্ণ বন্ধ।
- Log in to post comments
- 18 views