গুৱাহাটীত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ অৱস্থান ধৰ্মঘট

A

নিউজ ডেস্ক:

শ্ৰমিকৰ দক্ষতা বিকাশ প্ৰশিক্ষণ পাইলট প্ৰকল্প পৰ্যায়-১ৰ নামত সংঘটিত দুৰ্নীতিৰ অভিযোগত গুৱাহাটী মহানগৰীত প্ৰতিবাদ।দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ নেতৃত্বত ৮০কোটি কেলেংকাৰীৰ অভিযোগত অৱস্থান ধৰ্মঘট।শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ আশিকপুস্ত অলক চৰকাৰৰ মালিকানাধীন Ajitaaksh Ventures Pvt.Ltd আৰু Gargo Institute Of Technology ৰ বিৰুদ্ধে এই বৃহৎ পুঁজি লুন্ঠনৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।

বৃহস্পতিবাৰে প্ৰতিবাদস্থলীত ৩ঘণ্টা অৱস্থান ধমর্ঘট সাৱ্যস্ত কৰে সংগঠনটোৱে।

প্ৰতিবাদত অংশ লৈ সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে চৰকাৰ তথা বিভাগক তদন্তৰ বাবে এসপ্তাহ সময়সীমা বান্ধি দিয়ে।ইতিমধ্যে সমগ্ৰ কেলেংকাৰীৰ তথ্য ৰাজহুৱা  কৰাৰ উপৰিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। 

'নিৰ্মাণখণ্ড শ্ৰমিকৰ দক্ষতা বিকাশৰ ধনেৰে চিকিউৰিটি, ছাইনিজ কু'ক আদিক প্ৰশিক্ষণ দিয়া বুলি গগৈয়ে কয়।নলবাৰী, মৰিগাঁও, কামৰূপকে আদি কৰি ৰাজ্যৰ বহু কেইখন জিলাৰ প্ৰায় ২৫ হাজাৰ প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছিল।কিন্তু আশ্চৰ্যজনক কথা তথ্য জনাৰ অধিকাৰ আইনত লাভ কৰা তথ্যত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকল স্থানীয় নহয়।প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থীৰ তথ্য সন্দৰ্ভত জিলা শ্ৰম আয়ুক্তৰ কাৰ্যালয়তো নাই তথ্য।

সংগঠনটোৰ সভাপতিৰ অভিযোগ অনুসৰি সম্পূৰ্ণ ভুৱা প্ৰাৰ্থী সৃষ্টিৰে ধন লুন্ঠন কৰিছে প্ৰতিষ্ঠান দুটাই।

আনহাতে শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ মুৰব্বী অনুশুয়া দত্ত বৰুৱাই এই অলক চৰকাৰৰ প্ৰতিষ্ঠান দুটাক ধন আত্মসাৎ কৰাত হাত উজান দিয়া বুলি পূৰ্বতে উল্লেখ কৰিছিল। 

উল্লেখ্য যে ২৯ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী তদাৰকী কোষত গোচৰ দাখিল কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী সঞ্জয় কৃষাণক সমগ্ৰ বিষয়টো অৱগত কৰিছিল।কিন্তু এমাহ উকলি যোৱা পাছতো কোনো সুদত্তৰ নাপাই সাব্যস্ত কৰে প্ৰতিবাদ।

আনহাতে এসপ্তাহৰ পাছতো সমগ্ৰ দুৰ্নীতি বিষয়টো গুৰুত্ব নিদিলে শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতো অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট গ্ৰহণৰ হুংকাৰ সংগঠনটোৰ।

উল্লেখ্য যে আজি অৱস্থান ধৰ্মঘটত উপস্থিত থাকে প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰী।

Your Comments