নিউজ ডেস্ক:
'ক'ৰনাৰ বাবে ৰাজ্যত দুটা বছৰে স্থবিৰ ভ্ৰাম্যমাণ মেলা।চৰকাৰে ক'ৰনাৰ দোহাইদি আজিও বন্ধ কৰাই ৰাখিছে মেলা।ৰাজনৈতিক দলসমূহে নিৰ্বাচনীৰ ডাঙৰ ডাঙৰ সভা আয়োজন কৰিছে কিন্তু মেলা সমূহ মুকলি কৰিবলৈ ক'ৰনাৰ কথা কয়'-চৰকাৰলৈ ক্ষোভ উজাৰি এইদৰে কয় সদৌ অসম ফেয়াৰ এণ্ড এণ্টাৰটেইনমেণ্ট অ'নাৰচ ৱেলফেয়াৰ এছচিয়েচনে।ভ্ৰাম্যমাণ থিয়েটাৰ, ছবিগৃহৰ পৰা আৰম্ভ কৰি সকলো মুকলি হ'ল কিন্তু ভ্ৰাম্যমাণ মেলা মুকলিত কোনো গুৰুত্ব নাই চৰকাৰৰ।বুধবাৰে গুৱাহাটী পল্টন বজাৰ সংবাদমেলত এছচিয়েচনৰ সভাপতি নিৰ্মল চন্দ্ৰ শৰ্মাই কয়- এখন ভ্ৰাম্যমান মেলাত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে প্ৰায় হাজাৰ জন ব্যক্তি জড়িত হৈ থাকে।৩৫ খন মেলা আছে অসমত।কিন্তু বিগত দুটা বছৰ ক'ৰনা মহামাৰীৰ বাবে বন্ধ হৈ আছে মেলাসমূহ।মেলা স্বত্বাধিকাৰী সকলে কৰ্মচাৰী সকলক সম্পূৰ্ণ নহলেও বিগত দুটা বছৰ দৰমহা প্ৰদান কৰি আহিছে যদিও বৰ্তমান অসহায় হৈ পৰিছোঁ ।২বছৰ উপাৰ্জনহীন হৈয়ো আমাৰ কৰ্মচাৰীক চলাই আহিছোঁ-শৰ্মাই এইদৰে কয়।
এছ'চিয়েচনৰ চৰকাৰলৈ আহ্বান ক'ভিড বিধি পালন কৰি ভ্ৰাম্যমাণ মেলাসমূহ মুকলিৰ অনুমতি দিয়ক
।
- Log in to post comments
- 83 views