কোনো কাৰণতে লকডাউন দিয়া নহয়, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

A

নিউজ ডেস্ক:

আজি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সংবাদ মেল সম্বোধন কৰি পুনৰ লকডাউন ৰাজ্যত নিদিয়াটো নিশ্চিত কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। লকডাউন নোহোৱাকৈ ক'ভিড-১৯ নিয়ন্ত্ৰণ কৰিব আগবাঢ়িছে ৰাজ্য চৰকাৰে। ইফালে মন্ত্ৰী গৰাকীয়ে দুই পালি ভেক্সিন সকলোকে ল'বৰ বাবে আহ্বান জনায়। লগতে ঘৰে ঘৰে ভেক্সিন দিয়া হ'ব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত কয়।  যোৱ ২৫ অক্টোবৰ লৈকে  মুঠ ২কোটি ৭২ লাখ ৪২ হাজাৰ ৪৩০ জনক ভেক্সিন প্ৰদান কৰে। ইফালে যিসকল হিতাধিকাৰীয়ে দুই পালি ভেক্সিন লোৱা নাই সেই সকলক অতি শীঘ্ৰেই ভেক্সিন ল'বৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰে অন্যথা তেওঁ লোকৰ চৰকাৰী সুবিধা সমূহ কৰ্তন কৰা হ'ব বুলি সংবাদ মেলত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়।

 

Your Comments