নিউজ ডেস্ক:
বিদ্যালয়ত চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰী হিচাপে বিনা বেতনে পোন্ধৰ বছৰে কৰ্মৰত হৈ থকাৰ পিছতো আজি পৰ্যন্ত দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত ৷ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ত বছৰ বছৰ ধৰি বিনা বেতনে চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা পৰিলক্ষিত হৈছে ৷ ইয়াৰে শিক্ষা খণ্ডটোৰ অন্তৰ্গত লাটিমাস্থিত বিশ্ব নাথ শৰ্মা মজলীয়া বিদ্যালয়ত স্থানীয় যুৱক ৰুবুল শৰ্মাই ২০০৫ চনৰ ১ আগষ্টত কামত যোগদান কৰি আজি পৰ্যন্ত কৰ্মৰত হৈ আছে ৷ বাহাৰঘাট মজলীয়া বিদ্যালয়ত ২০০৫ চনৰ ১ এপ্ৰিলত স্থানীয় যুৱক ইজাম আলীয়ে কামত যোগদান কৰি আজি পৰ্যন্ত কৰ্মৰত হৈ আছে।
উল্লেখ্য যে বড়িগোগ বনভাগ শিক্ষা খণ্ডটোৰ অন্তৰ্গত লাটিমাস্থিত বিশ্ব নাথ শৰ্মা মজলীয়া বিদ্যালয়খন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ককাদেউতাকৰ নামত উৎসৰ্গিত বিদ্যালয় ৷
উক্ত বিদ্যালয়খনত স্থানীয় যুৱক ৰুবুল শৰ্মাই এনেদৰে আজি পোন্ধৰ বছৰে বিনা বেতনে কৰ্মৰত হৈ থাকিব লগীয়া হোৱাত তেওঁ পৰিয়ালটো পোহপাল দিয়াত ভীষণ সমস্যাত পৰা বুলি ক্ষোভ প্ৰকাশ কৰে।ইফালে বাহাৰঘাট মজলীয়া বিদ্যালয়ৰ কৰ্মৰত ইজাম আলীৰ আজি পৰ্যন্ত চাকৰিটো নিয়মীয়া নোহোৱাত তেওঁৰো পৰিয়ালক ভৰণ পোষণ দিয়াত অসুবিধা হোৱাৰ লগতে পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।
উল্লেখ্য যে বিশ্ব নাথ শৰ্মা মজলীয়া বিদ্যালয়ত কৰ্মৰত ৰুবুল শৰ্মা আৰু বাহাৰঘাট মজলীয়া বিদ্যালয়ত কৰ্মৰত ইজাম আলীয়ে ইতিমধ্যে দুই- তিনিমাহৰ দৰমহা লাভ কৰে ৷
সেয়েহে দুয়োগৰাকী কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ দৰমহা নোপোৱা সম্পৰ্কীয় বিষয়টো অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুই অতি আন্তৰিকতাৰে লৈ দৰমহা তথা নিযুক্তি প্ৰদান কৰি দৰিদ্ৰ পৰিয়াল কেইটাৰ দুবেলা দুমুঠি অন্নৰ দিহা কৰাৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনাইছে।
- Log in to post comments
- 11 views