কাজিৰঙাত অঘটন; বিদ্যুৎস্পৃষ্ট হৈ হাতী ,পহু, গাহৰিৰ কৰুণ মৃত্যু

A

B

নিউজ ডেস্ক:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰৰ হাতী কেম্প এলেকাত আজি এক অঘটন 
সংঘটিত হয়।  ঐৰাৱত নামৰ এটা পোহনীয়া হাতীৰ লগতে এটা দল হৰিণ, আৰু দুটা গাহৰিৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে।

জানিব পৰা মতে ঐৰাবত নামৰ বিভাগীয় ১৮ বছৰীয়া হাতীটো ৰাষ্ট্ৰীয় উদ‍্যানখনৰ  বুঢ়াপাহাৰ বনাঞ্চলৰ হাতী কেম্পৰ সমীপত ঠেঙত শিকলি লগাই এৰি থোৱা আছিল । দুৰ্ভাগ্যজনক ভাৱে শিকলি বিদ‍্যুতৰ খুটাত লাগি যোৱাত খুটাটো ভাঙি পৰি যায় আৰু বিদ‍্যুস্পৃষ্ট হৈ হাতীটোৰ কৰুণ ভাৱে মৃত্যু হোৱাৰ লগতে অঞ্চলটোত বিচৰণ কৰি থকা এটা দল হৰিণা আৰু দুটা বন গাহৰিও মৃত্যু মুখত পৰে । ইয়াৰ পাছতে  ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৰনোত্তৰ পৰীক্ষাৰ ব‍্যৱস্থা কৰিছে । উল্লেখ্য  যে বিভাগৰ বিদ‍্যুৎ পৰিবাহী তাঁৰ উদ‍্যানখনৰ ভিতৰৰে যোৱাৰ ফলতেই এই ঘটনা সংঘটিত হবলৈ পালে । উদ‍্যান কৰ্তৃপক্ষই বহুবাৰ বিদ‍্যুৎ পৰিবাহী তাঁৰ উদ‍্যানখনৰ বাহিৰেদি নিবলৈ জনাই অহাৰ পাছতো বিদ‍্যুৎ বিভাগে আজিকোপতি ব‍্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উঠিছে । 

C

Your Comments