নিউজ ডেস্ক:
নামনি সোৱণশিৰিকে ধৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ।মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী।সোমবাৰে পুৱা ১১বজাৰ পৰা ৰূপায়ণ কৰে প্ৰতিবাদ।
অসম চৰকাৰ হায়, বৃহৎ নদীবান্ধ বন্ধ কৰক, কেন্দ্ৰীয় চৰকাৰ হায়, নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মান বন্ধ কৰক, নদীবান্ধক লৈ দুমুখীয়া নীতি লোৱা বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি গৌ বেক, অসম চৰকাৰ গৌ বেক শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
মহানগৰীৰ বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বিক্ষোভত।
প্ৰতিবাদী কাৰ্যসূচীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন প্ৰমুখ্যে শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰি কয়- ছাত্ৰ সন্থাই প্ৰথমৰ পৰাই বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি আহিছে।চৰকাৰে কিন্তু গুৰুত্ব দিয়া নাই।বিশেষজ্ঞৰ পৰামৰ্শ মতে নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ নিৰ্মাণত আসোঁৱাহ আছে।গতিকে বন্ধ ৰাখিব লাগে।
বিজেপি চৰকাৰ গঠনৰ পূৰ্বে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কিন্তু চৰকাৰ গঠন কৰি বিজেপিয়ে বৃহৎ নদীবান্ধ নিৰ্মাণত আগভাগ লৈছে- প্ৰতিবাদ
ত অংশগ্ৰহণ কৰি আছুকর্মী য়ে এইদৰে কয়।
- Log in to post comments
- 1 view