ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণৰ ২য়খন খুচৰা প্ৰকাশ পোৱাৰ পিছত ৪০,৭০৭ গৰাকী আবেদনকাৰীৰ নাম বাদ পৰাৰ পিছত ৰাজনৈতিক দলসমুহে তৎপৰ হৈ পৰাৰ সমান্তৰালকৈ আজি ওদালগুৰি জিলাৰ কলাইগাঁৱত এক সজাগতা সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হয় । কলাইগাঁৱৰ নিকতৱৰ্তী বেলতলা হিন্দী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত শাসকীয় দল বিজেপিৰ কলাইগাঁও মণ্ডল সমিতিৰ উদ্যোগত এন আৰ চিৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয় ।
সজাগতা সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা উপষ্ঠিত থাকে । সভাখনত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বিষয়বৱীয়া ৰবিন্দ্ৰ বিশ্বাস, সদৌ অসম ভোজপূৰী যুৱ ছাত্ৰ পৰিষদৰ কলাইগাঁও আঞ্চলিক সমিতিৰ বিষয়বৱীয়াসকলৰ লগতে কলাইগাঁও মণ্ডল বিজেপিৰ সভাপতি দিগন্ত বৰুৱা উপস্থিত থাকে ।
- Log in to post comments
- 26 views