ধমধমাত সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

A

নিউজ ডেস্ক:

 সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলন,নলবাৰী জিলা সমিতিৰ উদ‍্যোগত চটাইবাৰী আঞ্চলিক সমিতিৰ সহযোগত ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত ডাঃ ভূগীচৰণ কলিতা সোঁৱৰণি বক্তৃতা অনুষ্ঠান হৈ যায়। স্থানীয় সমাজকৰ্মী হেমন্ত কুমাৰ পাটগিৰিয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে অধিৱক্তা তথা সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰতুল কলিতাই। সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাংগঠনিক সম্পাদক নগেন কলিতাই আঁত ধৰা অনুষ্ঠানটিত --কাছাৰ জিলাৰ অৱসৰী চি.ডি.পি.অ' ধৰণীধৰ কলিতা,কলিতা জনগোষ্ঠীৰ মুছলপুৰ জিলাৰ সভাপতি ৰামেশ্বৰ ডেকা, নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ভুৱনেশ্বৰ কলিতা আদিয়ে সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ওপৰত ইতিহাস বিতংকৈ বক্তব্য আগবঢ়োৱাৰ লগতে ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ডাঃ ভূগীচৰণ কলিতাৰ স্মৃতি আলোকপাত কৰে। সদৌ অসম কলিতা জনগোষ্ঠী সন্মীলনৰ সভাপতি ডাঃ ৰমেন  কুমাৰ কাকতি নিজ ভাষণত কলিতা জনগোষ্ঠীৰ ইতিহাস,বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত ভাষণ প্ৰদান কৰি তেওঁ সম্প্ৰতি সময়ত কলিতা জনগোষ্ঠীৰ একগোট হৈ আগবাঢ়ি লাগিব।নহলে কোনো ৰাজনৈতিক দলে আমাৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিব।

Your Comments