নিউজ ডেস্ক:
হোজাই জিলাৰ ডবকা যমুনাভেলী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ কৰা হ'ব । হোজাই জিলাৰ ১৫ কিলোমিটাৰ পথৰ ভিতৰত ১২ কিলোমিটাৰ পথ ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে । গুৰুত্বপূৰ্ণ কথা এই যে চাৰিলেন হিচাপে ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰিত হোৱাৰ বাবে বনাঞ্চলখনৰ পাঁচ সহস্ৰাধিক শাল, চেগুন আদি মূল্যৱান গছ কাটিবলগীয়া হোৱাৰ লগতে ইয়াত বসবাস কৰা বন্য প্ৰাণীকুলৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টিৰ আশংকা কৰা হৈছে । সেয়েহে ডবকা বনাঞ্চলখন ৰক্ষাৰ স্বাৰ্থত আজি হোজাই জিলা আমছুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শতাধিক লোকে ডবকা শাল বাগানত এক অভিনব প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে গছত সাবটি ‘আমাক নাকাটিব’, ‘আমাক হত্যা নকৰিব’, ‘আমাক সুৰক্ষা দিয়ক’, ‘অক্সিজেনৰ স্বাৰ্থত আমাক ৰক্ষা কৰক 'আদি শ্ল'গান দি একো একোখন প্লে-কার্ড গছত আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে , হোজাই জিলাৰ আমছুৰ সভাপতি কবীৰ আহমেদ লস্কৰে কয়, প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত সংৰক্ষিত বনাঞ্চলখনৰ গছকটা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব । কিয়নো পথ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বহুতো বিকল্প ব্যৱস্থা আছে ।
- Log in to post comments
- 13 views