নিউজ ডেস্ক:
কলিয়াবৰৰ বালিবাটস্থিত বজৰং শিলভঙা উদ্যোগত সংঘটিত শিশু হত্যাকাণ্ডই সমগ্ৰ অঞ্চল জোকাৰি গৈছিল।এই লৈ আজি স্থানীয় আৰক্ষী প্ৰশাসন আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তিনিজনীয়া দল এটাই ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয়। গুৱাহাটীৰ পৰা দুপৰীয়া আহি উপস্থিত হোৱা দলটোৱে নিৰ্মম হত্যাৰ বলি হোৱা কন্যশিশু গৰাকীৰ বাসগৃহত অভিভাৱক আৰু স্থানীয় ৰাইজৰে আলোচনাত মিলিত হয় ।
এই হত্যাত অভিযুক্ত কিশোৰৰ ঘৰতো উপস্থিত হৈ ঘটনাৰ বুজ লয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তিনিজনীয়া দলটোৱে।
লগতে হত্যাকাণ্ড সংঘটিত হোৱা শিলভঙা উদ্যোগটোও পৰিদৰ্শন কৰে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দলটোৱে।
আনহাতে আজিৰ দিনটোতে অঞ্চলটোৰ সামাজিক, শৈক্ষিক পৰিৱেশ উত্তৰণৰে শিশু আৰু নাৰীৰ সুৰক্ষাৰ বাবে জিলা সমাজ কল্যান বিষয়া ৰুবী কলিতাই ভুক্তভোগী পৰিয়ালটিৰ গৃহত উপস্থিত হৈ অঞ্চলটোৰ পুৰুষ-মহিলা সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, চুপাৰভাইজাৰ আৰু অঙ্গনবাড়ী কৰ্মী- সহায়িকা সকলে শিশুক সুৰক্ষা
দিয়ক, অভিভাৱক সজাগ হঁওক,
শিশুক উপযুক্ত শিক্ষা দিয়ক আদি শ্ল'গান দি সজাগতামুলক শোভাযাত্ৰা উলিয়াই সজাগতা সৃষ্টি কৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে কলিয়াবৰ আৰক্ষী থানা এলেকাধীন বালিবাটৰ বজৰং কেছাৰ উদ্যোগত কাতি বিহুৰ দিনা তিনি কিশোৰৰ সৈতে অশ্লীল ভিডিঅ চাবলৈ অমান্তি হোৱাৰ বাবেই তিনি কিশোৰে সংঘটিত কৰিছিল জঘন্য ঘটনা। ৰূপালী ৰবিদাস নামৰ এগৰাকী ৭ বছৰীয়া কন্যা শিশুক হত্যা কৰিছিল তিনি কিশোৰে। ঘটনাৰ পাছতে কলিয়াবৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২/ৰ অধীনত ৯৭/২১ নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত কিশোৰ ক্ৰমে সুমিত গাৰা (১১) ৰাহুল গাৰা (১১) আৰু ৰাজ গাৰাক (৭) গ্ৰেপ্তাৰ কৰাৰ লগতে সুমিতৰ পিতৃ তেজু গাৰাকো গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে ৰূপালী ৰবিদাস নামৰ ৭ বছৰীয়া কন্যা শিশুটিক তিনি কিশোৰে নিৰ্মম ভাবে প্ৰহাৰ কৰি হত্যা কৰি পেলাই থৈছিল শিলভঙা উদ্যোগটিৰ শৌচালয়ত। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে দুৰ্ভগীয়া শিশুটিৰ ঘৰৰ ওচৰৰে তিনি কিশোৰে দীৰ্ঘদিন ধৰি মোবাইলত অশ্লীল ভিডিঅ চোৱাৰ এক কু অভ্যাস গঢ়ি তুলিছিল। লগতে শিশুটিক তেনে ভিডিঅ' চোৱাৰ বাবে দীৰ্ঘ দিন ধৰি হেচা দি আহিছিল। কাতিবিহুৰ দিনাও তেনে অশ্লীল ভিডিঅ চাবলৈ বাধ্য কৰাত শিশুটিয়ে তেনে ভিডিঅ চাবলৈ আপত্তি কৰাৰ পৰিনতিতে শিশুটিক হত্যা কৰা বুলি আৰক্ষী নিশ্চিত হৈছে। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাতে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনি অভিযুক্ত কিশোৰক। উক্ত ঘটনাৰ সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে লোৱা ভূমিকাক ৰাইজে শলাগ লৈছে।
- Log in to post comments
- 30 views