বান্দৰ কেঁকোৰা ছটিয়াই কাঢ়ি নিলে ১ লাখ ৯০ হাজাৰ টকা 

dd

নগাঁও চহৰৰ মাজমজিয়াত শনিবাৰে দুপৰতে সংঘটিত এক ডকাইতি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নগাঁও চহৰৰ সদাব্যস্ত সৰুবজাৰত দুপৰীয়া অতুল চন্দ্ৰ শইকীয়া নামৰ লোকজনৰ গালৈ বান্দৰ কেঁকোৰা ছটিয়াই দুৰ্বৃত্তই লুটি লৈ যায় ১ লাখ ৯০ হাজাৰ টকাৰ নগদ ধন । প্ৰাপ্ত খবৰ অনুসৰি, জাজৰি নিৱাসী অতুল চন্দ্ৰ শইকীয়া নামৰ ব্যক্তিজনে নগাঁও চহৰৰে এটা বেংকৰপৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি উলিয়াই মৰিগাঁও বাছ আস্থানৰ দিশে খোজকাঢ়ি গৈ থকা অৱস্থাত অতৰ্কিতে কোনো দুৰ্বত্তই তেওঁৰ গালৈ বান্দৰ কেঁকোৰা নিক্ষেপ কৰে ।

ফলত ব্যক্তিজনৰ সৰ্বশৰীৰত খজুৱতিৰ সৃষ্টি হোৱাত দুৰ্বৃত্তটোৱে তেওঁৰ হাতত থকা ধনৰ বেগটো লৈ সেই স্থানৰপৰা পলায়ণ কৰে । পিছত ব্যক্তিজনে উক্ত ঘটনা সন্দৰ্ভত নগা্ঁও সদৰ আৰক্ষী থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই বাতৰি লিখাৰ পৰলৈকে ডকাইতটোৰ সন্দৰ্ভত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । ইপিনে, হয়বৰগাঁও আৰক্ষী চকীৰপৰা মাত্ৰ ৩০০ মিটাৰ নিলগত সংঘটিত এই দিন ডকাইতিৰ ঘটনাটোৱে নগাঁও আৰক্ষীৰ নিশকতীয়া অৱস্থাটো পুনৰবাৰ উন্মোচিত কৰিলে ।

Your Comments