ক'ৰনাত আক্রান্তৰ হাৰ বৃদ্ধি হৈ থাকিলে কঠোৰ সিদ্ধান্ত ল'ব লাগিব- স্বাস্থ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

ৰাজ্যত পুনৰ বৃদ্ধি ক'ৰনাত আক্রান্তৰ সংখ্যা।আক্ৰান্তৰ সংখ্যাৰ বৃদ্ধিত উদ্বিগ্ন চৰকাৰ তথা স্বাস্থ্য বিভাগ।এই কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। মুখ্যমন্ত্ৰীয়ে সোমবাৰে ক'ৰনা সন্দৰ্ভত স্বাস্থ্য বিভাগৰে মিলিত হয়।দুৰ্গা পূজাৰ পাছত প্ৰথমবাৰৰ বাবে ক'ৰনা সন্দৰ্ভত মিলিত হোৱাৰ কথা আজি অৱগত কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে বৈঠকত ৰাজ্যৰ সামগ্ৰিক পৰিৱেশ  পৰ্যালোচনা কৰাৰ লগতে কিছু সিদ্ধান্ত লবলৈ আগবঢ়া বুলি মহন্তই কয়।দূৰ্গাপূজাৰ একসপ্তাহৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্বাস্থ্যমন্ত্ৰীয়ে কয়।

গুৰুত্বপূৰ্ণ  কথা এই যে আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ থাকিলে কঠোৰ ব্যৱস্থাৰ ইংগিত স্বাস্থ্যমন্ত্ৰীৰ।

উল্লেখ্য যে দুৰ্গা পূজাৰ পাছৰে পৰা ৰাজ্যত বৃদ্ধি হৈছে আক্রান্ত হাৰ।মঙলবাৰে জনতা ভৱনত এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।

Your Comments