৩৬৮ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰত জ্বলিল ২১জোৰা আকাশ বন্তি

A

 

B
নিউজ ডেস্ক: 
“ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মানৱ জাতিক পুৰুষে পুৰুষে উদ্ধাৰৰ কামনাৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰয়ো ৩৬৮ বছৰ ধৰি একৈশজোৰা আকাশ বন্তি প্ৰজ্বলন কৰি আহিছো। আকাশ বন্তিৰ পোহৰে মানৱজাতিৰ মাজত জ্যোতিৰ আভা বিয়পাই মাৰি-মৰক, দুৰ্ভিক্ষ, অসূয়া- অপ্ৰীতি দূৰ কৰি শান্তি সমৃদ্ধিৰ এখন সমাজ প্ৰতিষ্ঠাৰ বাবে গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছো।” মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে সোমবাৰে সন্ধ্যা সত্ৰৰ চৌহদত ২১ জোৰা আকাশবন্তিৰ মূলগছি প্ৰজ্বলন কৰি এইদৰে কয়।
ঐতিহাসিক এই পৰম্পৰা ৰক্ষা তথা আয়োজনত ব্যস্ত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে "কৰুণা মহামাৰীয়ে যিদৰে মানব জাতিক ভীতিগ্ৰস্ত কৰি তুলিছে ইয়াৰ মাজতো সচেতনতাৰে আমাৰ পৰম্পৰা, ঐতিহ্যক ৰক্ষা কৰিব লাগিব। সত্ৰখনিত সোমবাৰে পুৱা নাম প্ৰসংগৰ পিছত দুপৰীয়া সত্ৰৰ বৈষ্ণব শিল্পীসকলে নামঘৰত দিহানাম, গায়ন-বায়ন, নটুৱা, ওজাপালি পৰিবেশন কৰে।
বিয়লি সত্ৰৰ চৌহদৰ নামঘৰৰ সমীপত বিশেষ কৌশলেৰে বাঁহেৰে সজা ফ্ৰেমত মাটিৰ পৰা প্ৰায় ১৫/২০ ফুট উচ্ছতাত সংস্থাপন কৰা ২১ জোৰা আকাশ বন্তিক কেন্দ্র কৰি সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, ডেকাধিকাৰ দেৱানন্দ দেৱগোস্বামীসহ সত্ৰৰ মূল বিষয়ববীয়াৰ লগতে সমূহ বৈষ্ণবে এই অনুষ্ঠানত ডবা-শংখ, খোল-তালৰ ধব্বনিৰ তালে তালে সংকীৰ্তন গাই গাই আকাশ বন্তি প্ৰদক্ষিণ কৰে।"

Your Comments