নগাঁৱত অস্ত্ৰসহ বিজেপি নেতাক গ্ৰেপ্তাৰ

নগাঁৱত অস্ত্ৰসহ বিজেপি নেতাক গ্ৰেপ্তাৰ

বিভিন্ন অপৰাধমূলক কাৰ্যৰ ৰম্যভূমিলৈ পৰ্যৱসিত  নগাঁও জিলাত শেহতীয়াকৈ কেতবোৰ অপৰাধজনিত ঘটনা অব্যাহত থকা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগাঁৱত মাৰণাস্ত্ৰসহ এজন দুৰ্ধৰ্ষ অপৰাধী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । সম্প্ৰতি জিলাখনৰ কেতবোৰ অঞ্চলত অস্ত্ৰধাৰী লোকৰ দপদপনি বৃদ্ধি পাইছে। আনকি, ভিতৰুৱা অঞ্চলটো বাদেই নগৰ-চহৰতো একাংশ অপৰাধীয়ে নিৰ্বিঘ্নে চুৰি-ডকাইতি, মাৰপিট আদিৰ দৰে ঘটনা সংঘটিত কৰি অঞ্চলবাসীক আতংকিত কৰি তুলিছে।

ইমানেই নহয়, অস্ত্ৰধাৰী অপৰাধী চক্ৰটোৱে ৰাষ্ট্ৰীয় ঘাইপথত মটৰ-গাড়ী ৰখাই গাড়ীচালকক আক্ৰমণ কৰাৰ লগতে গাড়ী লৈ উধাও হোৱা কেবাটাও ঘটনা সংঘটিত হৈছে। বিগত কিছুদিন ধৰি নগাঁও জিলাত এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ থকাত সৰ্বসাধাৰণ ৰাইজক উদ্বিগ্ন কৰি তোলাৰ সময়ত আজি পুৱতি নিশা শাসকীয় বিজেপি দলৰ এগৰাকী নেতাক আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

এক গোপন সুত্ৰৰ পমখেদি ১২ গাৰোৱাল ৰেজিমেণ্টৰ এটা জোৱানৰ দলে নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীগাঁও কচুলুখোৱাৰ নিজা বাসগৃহৰ পৰা আতাউৰ ৰহমান নামৰ নেতাজনক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে ধৃত ৰহমানে ঘৰত লুকুৱাই ৰখা .২২( প‌ইণ্ট টু টু) পিষ্টল আৰু তিনি ৰাউণ্ড সজীৱ গুলীও জব্দ কৰে ।

উল্লেখ্য ধৃত আতাউৰ ৰহমান বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ স্থানীয় পাখিমৰীয়া ব্লক সমিতিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ আছে । তেওঁ দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ আছে । শাসকীয় দলটোৰ এগৰাকী নেতা হোৱাৰ সুবাদতে আতাউৰ ৰহমানে বিশেষকৈ নগাঁও চহৰৰ বৰবজাৰ অঞ্চলত বিভিন্নজনক ভয়-ভাবুকিৰে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ।

আনকি, বৰবজাৰ অঞ্চলৰ এগৰাকী লোকক দিনদূপৰতে মাৰপিট কৰি গুৰুতৰভাবে আহত কৰাৰ অপৰাধত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । মাত্ৰ তিনি মাহ পূৰ্বে তেওঁ কাৰাগাৰৰ পৰা জামিনত মুকলি হৈ আহি পুনৰ আৰম্ভ কৰিছিল সন্ত্ৰাস । এইজন অপৰাধীক আজি গাৰোৱাল ৰেজিমেণ্টৰ জালত পৰিব লগা হয় । গাৰোৱাল ৰেজিমেণ্টে ধৃত যুৱকজনক নগাঁও আৰক্ষীক ইতিমধ্যে চমজাই দিয়াৰ পিছত আৰক্ষীয়ে আজি তেওঁক আদালতত হাজিৰ কৰাই কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

অবিভক্ত জিলাখনৰ যমুনামুখৰ কমৰ উজ জামান নামৰ হিজবুল মুজাহিদীনৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা দুদিন পুৰ্বে গ্ৰেপ্তাৰ কৰাৰ লগতে ইতিমধ্যে হোজাই আৰক্ষীয়ে ধৃত অপৰাধীটোৰ লগত জড়িত থকাৰ অপৰাধত আন দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে মৰণাস্ত্ৰসহ নগাঁৱৰ এগৰাকী বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

এই যুৱকজন কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত আছে নেকি, এই লৈ একাংশ লোকৰ মাজত চৰ্চা চলিছে । অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

Your Comments