নিউজ ডেস্ক:
চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা বৃদ্ধিৰে স্বাস্থ্য খণ্ডৰ উন্নতিৰ জয়গান গোৱা স্বাস্থ্য বিভাগৰ এক চৰম ব্যৰ্থতা।প্ৰাথমিক স্বাস্থ্যকেন্দ্রৰ পৰা আৰম্ভ কৰি জিলা অসামৰিক হাস্পতালত ৰোগী চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত চিকিৎসক।ৰাজ্যৰ স্বাস্থ্য খণ্ড বৰ্তমান আন্তঃগাঁথনিত থাকিব লগা প্ৰয়োজনৰ চিকিৎসকৰ সংখ্যা পূৰণ কৰাত চুড়ান্ত ব্যৰ্থ বিয়াগোম স্বাস্থ্যবিভাগ।বর্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰীৰ দিনতে ৰাজ্যত খালী হৈছিল সহস্ৰাধিক চিকিৎসকৰ পদ।সেই স্বাস্থ্যমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী হ'ল কিন্তু পূৰণ নহ'ল খালী থকা চিকিৎসকৰ পদ।
'ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ছৰ' মতে ৰাজ্যত প্ৰাথমিক স্বাস্থ্য খণ্ডৰ পৰা জিলা অসামৰিক স্বাস্থ্যখণ্ডত ১১৫২৯জন হেলথ-এ চিকিৎসকৰ প্ৰয়োজন।কিন্তু পৰিতাপৰ কথা এই যে বৰ্তমান সময়ত ৰাজ্যত চিকিৎসক আছে ৩০৩৮জন।চৰকাৰী হিচাপ অনুসৰি 'হেলথ-এ' চিকিৎসকৰ পদ ৪৫২০টা ৰাজ্যত কিন্তু তাৰে ১৪৮২টাকৈ পদ বৰ্তমানো খালী ।এই কথা প্ৰকাশ অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাৰ।
সংস্থা সভাপতি ডাঃ ননী গোপাল চহৰীয়া আৰু সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰে দিয়া তথ্য অনুসৰি- ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ছৰ নিয়ম অনুসৰি প্ৰয়োজনীয় আন্তঃগাঁথনি ৰাজ্যৰ স্বাস্থ্যখণ্ডত নাই।যাৰ বাবে স্বাস্থ্য বিভাগে আন্তগাঁথনিৰ ওপৰত ভিত্তি কৰি বৰ্তমান সময়ত ৫৬০০জনকৈ চিকিৎসক নিযুক্তি দিব পাৰে কিন্তু নতুনকৈ নিযুক্তিৰ বাবে চৰকাৰ তথা বিভাগৰ গুৰুত্ব নাই।
ৰাজ্যৰ প্ৰাথমিক চিকিৎসালয় আৰু জিলা চিকিৎসালয়ত দৈনিক ৰোগী বৃদ্ধি হোৱাৰ পাছতো প্ৰয়োজন হোৱা চিকিৎসক নিযুক্তি দিব নোৱাৰাটো স্বাস্থ্য বিভাগৰ বাবে চৰম লজ্জাজনক।যিসময়ত ক'ৰনাৰ দৰে বিশ্বত্ৰাস ভাইৰাছে ৰাজ্যত হাজাৰ হাজাৰ ব্যক্তিৰ জীৱন কাঢ়ি নিছে তেনে সময়ত ৰাজ্যৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ পৰা আৰম্ভ কৰি জিলা অসামৰিক চিকিৎসালয়ত খালী হোৱা পদেই পুৰণ কৰা নাই স্বাস্থ্য বিভাগে।তেনে সময়ত সঁচা অৰ্থত ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ছৰ প্ৰয়োজন কিদৰে পূৰণ কৰিব সেইয়া ডাঙৰ প্ৰশ্ন।
- Log in to post comments
- 22 views