ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বৰবৰুৱা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৃতীয় দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনখন আজি অনুষ্ঠিত হয়। কলাখোৱা মিৰিপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অধিৱেশন অনুষ্ঠিত হয়।
আনহাতে, বৰবৰুৱা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি পূণ্যনাথ পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বৰবৰুৱা খণ্ড শিক্ষা বিষয়া পৰেশ বৰুৱাই।
উদ্বোধনী ভাষণত বৰুৱাই কয় যে, নিজৰ দায়িত্বৰ উপৰিও কৰ্মচাৰীসকলে যদি সামাজিক দায়িত্বও পালন কৰা নহয়, তেন্তে পিছৰ প্ৰজন্মই আমাক ডাঙৰ অভিশাপ দি যাব। কৰ্ম সংস্কৃতিয়ে আমাৰ জাতিটোক আগুৱাই নিয়াত সহযোগিতা কৰে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
মিচিং বানে কেবাঙৰ উপ-সভাপতি জয়নাথ মিলিয়ে আদৰণী ভাষণ প্ৰদান কৰা সভাত ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক দিলীপ সিঙে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কৰ্মচাৰীসকলৰ মাজত দেখা দিয়া সমস্যাসমূহ পৰ্যায়ক্ৰমে চৰকাৰক সমাধানৰ আহ্বান জনায় ।
আলোচনাৰ মাধ্যমেৰে কৰ্মচাৰীসকলৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ পোষকতা কৰি কৰ্মচাৰীসকল নিৰাপত্তাহীনতাত ভোগাৰ কথাও উল্লেখ কৰে । একেদৰে ৰাজ্যৰ ঠিকাভিত্তিত শিক্ষকৰ লগতে এন আৰ এইচ এম কৰ্মচাৰীসকলৰ সমস্যাসমূহৰ প্ৰতি চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।
সভাত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে কৰ্মচাৰীসকলক ‘নিদিওঁ নলওঁ’ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় । একেদৰে তেওঁ কলাখোৱা অঞ্চলত আধৰুৱা হৈ থকা আটাইবোৰ আঁচনি সম্পন্ন কৰাৰ কথা উল্লেখ কৰি ৰঙাগড়াৰ পৰা যোৱা উন্মুক্ত ৰিংবান্ধটো ২৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথাও সভাত দাঙি ধৰে।
ইপিনে কৰ্মচাৰীসকলৰ সমস্যাসমূহৰ সন্দৰ্ভত আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন কৰিব বুলিও ব্যক্ত কৰে বিধায়কগৰাকীয়ে। সভাত ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি প্ৰশান্ত প্ৰকাশ শৰ্মা, নোমল গগৈ, কেন্দ্ৰীয় কাৰ্যনিবাহক পলাশ কোঁৱৰ, জিলা ছাত্র সন্থাৰ উপদেষ্টা চিত্তটমল সন্দিকৈ, টাকাম মিচিং পৰিন কেবাঙৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নবীন মিলি, সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
- Log in to post comments
- 7 views