আজি বিশ্বনাথৰ ৰাজপথত দেখা পোৱা গ'ল বিশ্বনাথ জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বাৰা সংঘটিত হোৱা ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে তথা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিশ্বনাথ জিলা কংগ্ৰেছে ।
পোনতে প্ৰায় ১ সহস্ৰাধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে কংগ্ৰেছৰ বিশ্বনাথ জিলা কাৰ্যালয়ৰ পৰা পদযাত্ৰা কৰি বিশ্বনাথ জিলাৰ উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰে ।
প্ৰতিবাদী সমদলৰ সময়ত বিজেপি চৰকাৰ হায় হায়, অাচ্ছে দিনৰ সপোন দেখুওৱা মোডী চৰকাৰ হুঁচিয়াৰ, ৰাফেল বিমান কেলেংকাৰীৰ তদন্ত লাগে, পেট্ৰ'ল-ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
পদযাত্ৰাৰ শেষত বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।
- Log in to post comments
- 5 views