১৯অক্টোবৰৰ পৰা অসম চিকিৎসা সেৱা সংস্থাৰ দীঘলীয়া আন্দোলন:ব্যাহত হ'ব স্বাস্থ্যখণ্ড OPD সেৱা

A

নিউজ ডেস্ক:


চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাইৰ।১৪টা দীর্ঘদিনীয়া দাবীৰ সমাধান বিচাৰি ১৯অক্টোবৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব সংস্থাটোৱে।ৰাজ্যৰ প্ৰাথমিক স্বাস্থ্যখণ্ডৰ পৰা জিলা অসামৰিক চিকিৎসাখণ্ডলৈ সামৰি থকা সংস্থা টোৱে গ্ৰহণ কৰিব লগা প্ৰতিবাদৰ ফলত ৰাজ্যত ব্যাহত হ'ব স্বাস্থ্য সেৱা।কেৱল মাত্ৰ জৰুৰীকালীন সেৱাহে উপলব্ধ হ'ব আন্দোলনৰ সময়ছোৱাত।শনিবাৰে পানবজাৰ কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে সংস্থাটোৱে ঘোষণা কৰে এই কথা।সংস্থাৰ সভাপতি ডাঃ ননী গোপাল চহৰীয়াই ঘোষণা কৰা অনুসৰি- ১৯ অক্টোবৰত তিনিঘন্টাৰ OPD বয়কটে আৰম্ভ হ'ব আন্দোলনৰ কাৰ্যসূচী।পুৱা ৮বজাৰ পৰা ১১বজা পৰ্যন্ত বন্ধ থাকিব OPDসেৱা।উক্ত  সময়ছোৱাত জৰুৰীকালীন সেৱা বাহাল থাকিব।

একেদৰে ২২অক্টোবৰত সম্পূৰ্ন দিনজোৰা কাৰ্যসূচীৰে বয়কট কৰিব OPD সেৱা।জৰুৰীকালীন সেৱা অৱশ্যে চলি থাকিব।২৬,২৭, ২৮অক্টোবৰত ধাৰাবাহিক OPD সেৱা বয়কট আৰু ১,২ আৰু ৩ নৱেম্বৰতো বয়কট কৰিব OPD সেৱা।গুৰুত্বপূৰ্ণ কথা এই যে OPD সেৱা বন্ধ থকা সময়ত জৰুৰীকালীন সেৱা অৱশ্যে বাহাল থাকিব বুলি জানিব দিয়ে সভাপতি গৰাকীয়ে।

আনহাতে, দীঘলীয়া আন্দোলন তথা প্ৰতিবাদলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ সঁহাৰি নাপালে নৱেবৰৰ দ্বিতীয় সপ্তাহত সংস্থাৰ সাধাৰণ সভাই পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সভাপতিয়ে কয়।

উল্লেখ্য  যে সংস্থাৰ বিভিন্ন দাবীসমূহ হৈছে সুভাষ দাস কমিটি প্ৰতিবেদন অনুসৰি 'অসম স্বাস্থ্য সেৱা-ক' কৰ্মচাৰী কেডাৰ ৰিভিজন হ'ব লাগে।কিন্তু যোৱা তিনিদশক ধৰি কেডাৰ ৰিভিজন হোৱা নাই।যাৰ ফলত নতুন চিকিৎসক আকৰ্ষণ কৰিব পৰা নাই বা অসম স্বাস্থ্য সেৱাত নতুন চিকিৎসকক নিযুক্তি দিলেও দায়িত্বত যোগদান নকৰে-এই  অভিযোগ সংস্থাৰ সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰৰ।

ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ টাইম স্কেল প্ৰমোচনৰ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগে।

জ্যেষ্ঠ আৰু কনিষ্ঠতম বিশেষজ্ঞ চিকিৎসকৰ মাজত থকা দৰমহাৰ বৈষম্য সমাধান কৰা।উল্লেখ্য যে ৰাজ্যৰ ২০১২চনৰ পূৰ্বৰ বিশেষজ্ঞ চিকিৎসকৰ দৰমহা ২০১২চনৰ পাছত বিশেষজ্ঞ চিকিৎসকতকৈ কম।

হেলথ-এ চিকিৎসকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে।উল্লেখ্য যে ৰাজ্যৰ ৩খন চিকিৎসা মহাবিদ্যালয় থাকোতে ২৩খন আসন হেলথ-এ চিকিৎসকলৈ সংৰক্ষণ আছিল।বৰ্তমান চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ'ল কিন্তু সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি নহল- সম্পাদক গৰাকীয়ে কয়।

যোৱা ২০১৭চনলৈ আবেলি OPD সেৱাত জড়িত কৰ্মচাৰীৰ প্ৰাপ্য ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে আদায় দিব লাগে।আদায় দিবলৈ থকা ধনৰ পৰিমাণ প্ৰায় ৮০লাখ।

আনহাতে, হেলথ-এ চিকিৎসকলৈ বিনামূলীয়া আৱাসগৃহ ব্যৱস্থাৰ দাবী ।চিকিৎসক-স্বাস্থ্যকর্মীৰ নিৰাপত্তা সু -নিশ্চিত কৰি জিলা অসামৰিক পৰ্যায়ৰ চিকিৎসালয়ত আৰক্ষী চকী স্থাপন কৰিব লাগে।

ভাৰতবৰ্ষ প্ৰায়সমূহ ৰাজ্যৰ তুলনাত অসমৰ হেলথ- এ চিকিৎসকৰ দৰমহা কম ।সময় অনুসৰি চাকৰিৰ পদোন্নতিৰ ব্যৱস্থা কৰাৰ লগতে খালি হৈ থকা হেলথ-এ পদসমূহ শীঘ্ৰে পূৰণৰ দাবী জনায়।

Your Comments