দেশে স্বাধীনতা লাভৰ ৭১ বছৰ অতিক্ৰম কৰাৰ পাছতো এটুপি বিশুদ্ধ খোৱাপানী সেৱনৰ পৰা বঞ্চিত হৈ ৰোৱা বটদ্ৰৱাৰ পাঁচখনৰো অধিক গাঁৱৰ ৰাইজে অৱশেষত লাভ কৰিলে বিশুদ্ধ খোৱাপানী ।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ “মিছন ১০০” আঁচনিৰ অধীনত আজি বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা মৰিগাঁও জিলাৰ বোৱালগুৰি আদৰ্শ গাঁও পানী যোগান আঁচনিখন শুভ উদ্বোধন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ।
উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাখনিত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বিধায়িকা আঙুৰলতাই কয়, "বটদ্ৰৱাৰ কেইবা সহস্ৰাধিক লোকৰ বিশুদ্ধ খোৱাপানীৰ সমস্যা নিৰাময় কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ ।
সমষ্টিৰ অন্যান্য প্ৰান্তত বিকল হৈ পৰি থকা আঁচনিসমূহ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে ধন মোকলাই দিছে । এই আঁচনিসমূহো কাৰ্যক্ষম হৈ উঠিব।"
এই অনুষ্ঠানটিত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰিগাঁও সংমণ্ডলৰ বিষয়ববীয়াৰ লগতে বিজেপি কৰ্মী তথা কেইবা শতাধিক ৰাইজ উপস্থিত থাকে।
উল্লেখ্য যে এই পানীযোগান আঁচনিখনে বটদ্ৰৱাৰ বোৱালগুৰি, আদৰ্শগাঁও, কটহগুৰিকে ধৰি কেইবাখনো গাঁৱৰ সহস্ৰাধিক পৰিয়ালক উপকৃত কৰিব ।
- Log in to post comments
- 13 views