আজি মঙলদৈত দৰং জিলা কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা উলিয়ায় বৃহৎ সমদল । এই সমদলত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা বসন্ত দাস, দলগাঁও বিধানসভা সমষ্ঠিৰ বিধায়ক ইলিয়াছ আলী, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, দৰং জিলা কংগ্ৰেছৰ সভানেত্রী ওৱাহিদা আহমেদ, প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ডঃ জয়নাথ শৰ্মা, কংগ্ৰেছৰ যুৱনেতা কুলদ্বীপ বৰুৱা তথা দৰং যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকলে ৷ মঙলদৈ ৰাজীৱ ভৱনৰ পৰা উলিওৱা সমদলত শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি চৰকাৰবিৰোধী শ্লোগান দি দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহি দৰং জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে ।
- Log in to post comments
- 6 views