আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ,সবিশেষ পঢ়ক

A

নিউজ ডেস্ক:

পৰ্যটকৰ বাবে  সুখবৰ। আজিৰে পৰা মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কৃষি মন্ত্ৰী অতুল বৰাই আজি পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে উদ্যানখন ।
উল্লেখ্য যে কঁহৰা বনাঞ্চলৰ প্ৰায় ৯ কিলোমিটাৰ  আৰু বাগৰি বনাঞ্চলৰ ৮ কিলোমিটাৰলৈকে জিপ চাফাৰীৰ বাবে মুকলি কৰা হৈছে যদিও বৰ্তমানেও  বন্ধ হৈ আছে হাতী চাফাৰী। ৰাষ্ট্ৰীয় উদ্যানখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য বন সংৰক্ষক অমিত সাহা, অতিৰিক্ত মুখ্য বন সংৰক্ষক, জিলা উপায়ুক্ত, জিলা বন বিষয়া, বোকাখাত আৰু কলিয়াবৰৰ মহকুমাধিপতি, বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াসকল, পৰ্যটকসকল আৰু স্থানীয় ৰাইজ।

Your Comments

Related Articles