গোলাঘাটত মদৰ ফেক্টৰী  নিৰ্মাণৰ বিৰুদ্ধে সোচ্ছাৰ মদ মুক্ত অসম দাবী সমিতি

 দাবী সমিতি

আজি গোলাঘাট নগৰত মদৰ ফেক্টৰী নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মহিলাকে কৰি শতাধিক মদ মুক্ত অসম দাবী সমিতিৰ কৰ্মী ওলাই আহি চহৰখনৰ মাজমজিয়াত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে । জানিব পৰা মতে, গোলাঘাটৰ খুমটাই সমষ্টিৰ হালোৱা গাঁৱত এটা মদৰ উদ্যোগ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক তীব্ৰ গৰিহণা দি নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।

যিটো সময়ত সমগ্ৰ অসম সুৰাশূন্য কৰাৰ পণ লোৱা সংগঠনটোৱে কোনো কাৰণতে সমাজক পঙ্গু কৰা চৰকাৰৰ এনে পৰিকল্পনাক বাস্তৱায়িত কৰিব নিদিয়ে বুলি স্পষ্ট কৰে। লগতে পুৱা ভাগত সেই সন্দৰ্ভত এখনি সভাওঁ অনুষ্ঠিত কৰে সংগঠনটোৱে। প্ৰতিবাদৰ অন্তত অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰওঁ প্ৰেৰণ কৰে ।

Your Comments