৭ৰ পৰা ১১ বছৰীয়া শিশুৰ দেহত ক’ভিড ভেকচিন পৰীক্ষণৰ অনুমতি , সবিশেষ পঢ়ক

A


নিউজ ডেস্ক:
 আমেৰিকা যুক্তৰাষ্ট্রৰ ঔষধ প্রস্তুতকাৰী কোম্পানী ন’ভাভেক্সৰ ক’ভিড–১৯ ভেকচিন ৭ৰ পৰা ১১ বছৰীয়া শিশুৰ দেহত পৰীক্ষণ চলাবলৈ দেশৰ প্রখ্যাত ঔষধ প্রস্তুতকাৰী কোম্পানী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক অনুমতি দিয়া হৈছে৷ গুৰুত্বপূৰ্ণ কথা এই যে ডি চি জি আয়ে ছিৰামক ন’ভাভেক্সৰ ক’ভিড ভেকচিন পৰীক্ষণৰ বাবে ৭–১১ বছৰীয়া শিশুৰ নাম পঞ্জীয়ন কৰাৰ বাবে অনুমতি দিছে৷

উল্লেখ্য যে ছিৰামে ইতিমধ্যেই ১২ৰ পৰা ১৭ বছৰীয়া শিশুৰ দেহত ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰিছে৷ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই বর্তমান ভাৰতত প্রদান কৰি থকা ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ডৰ উৎপাদনো কৰি আছে ৷

 

Your Comments