বিশ্বনাথত জিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল

বিশ্বনাথত জিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰৰ দ্বাৰা সংঘটিত ৰাফেল যুঁজাৰু বিমান ক্ৰয় কেলেংকাৰীৰ প্ৰতিবাদত এই প্ৰতিবাদী সমদল উলিওৱা হয় ৷ ৰাফেল যুঁজাৰু বিমানক প্ৰতীকী হিচাপে লৈ বিশ্বনাথ চাৰিআলি নগৰৰ মাজেৰে উলিওৱা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ নেতা ব্ৰজেন সন্দিকৈৰ লগতে দুই শতাধিক কংগ্ৰেছে কৰ্মীয়ে । প্ৰতিবাদৰ অন্তত  জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

Your Comments