পূজাৰ আগে আগে ন- ৰূপত সজাই তুলিলে ৰবীন্দ্ৰ -স্মৃতি বিজড়িত বেকন বাংলো

A

নিউজ ডেস্ক:

পর্যটকৰ বাবেই  সজাই তোলা হৈছে কবিগুৰু ৰবীন্দ্র নাথৰ -স্মৃতি বিজড়িত গোচাবাৰ বেকন বাংলো। দীর্ঘদিন ধৰি সঠিক পৰিচৰ্চাৰ অভাবত বাংলোটোৰ সৌন্দৰ্য কিছু ম্লান হৈ পৰিছিল।
প্রশাসন সূত্রৰ খবৰ অনুসৰি , এই বাংলোটি মেৰামতি কৰি সজাই তুলিবৰ বাবে  প্রায় ৭৫ লাখ টকা  খৰচ কৰা হৈছে। জিলা প্রশাসন আৰু স্থানীয় পঞ্চায়তৰ সমিতিৰ সহযোগিতাত বাংলোটো সজোৱাৰ  কাম খিনি কৰা  হৈছে ৷গুৰুত্বপূৰ্ণ কথা  এই যে বাংলোটোৰ পৰাই  বিদ্যাধৰী নদীৰ  সূর্যোদয় বা সূর্যাস্ত উপভোগ কৰিব  পাৰি। যাৰ বাবে এই বাংলোটো  পর্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব  ।
 
স্থানীয় লোকসকলৰ অভিযোগ, দীর্ঘদিনৰ অযত্নৰ ফলতেই লাহে লাহে জৰাজীর্ণ হৈ আহিছিল বাংলোটি৷ ৰবীন্দ্র-স্মৃতিবিজড়িত এই বাংলোটোৰ সংস্কাৰৰ বাবে  বহু বাৰ সৰব হৈ আহিছিল এলেকাটোৰ  বাসিন্দাসকল৷ প্রশাসনে জানিবলৈ দিয়ে যে, “সকলো  ঠিকে  থাকিলে  অহা মাহত  অৰ্থাৎ  দুৰ্গাপূজাৰ আগতেই বেকন বাংলোৰ সংস্কাৰ আৰু সজোৱাৰ কাম সম্পূৰ্ণ কৰা হ’ব। ভবিষ্যতে পশ্চিমবঙ্গৰ পর্যটন মানচিত্রত এই বাংলোই যে এক  গুৰুত্বপূৰ্ণ ঠাই দখল কৰিবলৈ সক্ষম  হ’ব সেয়া নিশ্চিত।

Your Comments

Related Articles