৭৫ বছৰত পদাৰ্পণ কৰা অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়লৈ বাংগালোৰৰ উচ্চ শিক্ষানুষ্ঠানৰ মূল্যায়ন প্ৰতিষ্ঠান "নাক"-এ পৰামৰ্শদা ৰূপে পত্ৰ প্ৰেৰণ কৰিছে ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীলৈ "নাক"ৰ সঞ্চালক অধ্যাপক এছ চি শৰ্মাই প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰা হৈছে যে অহা ২০২২ৰ ভিতৰত ভাৰতৰ সকলো শিক্ষানুষ্ঠানে যাতে "নাক"ৰ মূল্যায়ণত কমেও ২.৫ চিজিপিএ প্ৰাপ্ত কৰে তাক নিশ্চিত কৰিবলৈ ভাৰতৰ কিছুমান শিক্ষানুষ্ঠান "নাক"-এ নিৰ্বাচন কৰিছে ৷ যাৰ সহায়ৰ অবিহনে এই লক্ষ্যত উপনীত হোৱা সম্ভৱ নহয় ৷
ইতিমধ্যে "নাক"ৰ দ্বাৰা ৩.২৬ চিজিপিএ প্ৰাপ্ত কলেজক এই স্বীকৃতি প্ৰদান কৰা হৈছে । অসমৰ কলেজসমূহৰ ভিতৰত নগাঁও কলেজেই হ'ল একমাত্ৰ কলেজ যাৰ মূল্যায়ন ২.২৫তকৈ বেছি ৷ নগাঁও মহাবিদ্যালয়ে এতিয়াৰে পৰা ভৌগোলিকভাৱে কাষৰীয়া "নাক"ৰ মূল্যায়ন নোহোৱা ১০খন কলেজ নিৰ্বাচন কৰি সেই কলেজসমূহক পৰামৰ্শদাতাৰূপে সহায়-সহযোগিতা আগবঢ়াব পাৰিব ৷ নগাঁও কলেজৰ এই স্বীকৃতিয়ে শিক্ষকবৃন্দ, কৰ্মচাৰীবৃন্দ, পৰিচালনা সমিতি, প্ৰাক্তন সতীৰ্থসকল, শুভাকাংক্ষীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দ সঞ্চাৰ কৰিছে ৷
- Log in to post comments
- 36 views