অবিভক্ত শিৱসাগৰ জিলাৰ এটা অন্যতম সংযোগী পথ হ’ল চেপন-চূপপোৰা পথ ৷ পথটোৰ ওপৰৰ এখন অতি গুৰুত্বপূৰ্ণ দলং হ’ল দিৰৈ দলং ৷ কিন্তু পৰিতপাৰ কথা যে ২০০৪ চনতে আধাৰশিলা স্থাপন কৰা দলংখনৰ পকীকৰণ কাম আজিলৈ সম্পূৰ্ণ নহ’ল ৷ সেয়েহে দলংখন পকীকৰণৰ কাম শীঘ্ৰে সমাপ্ত কৰাৰ দাবীত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ চেপন আঞ্চললিক সমিতিয়ে দলংখনৰ ওপৰত আজি পথ অৱৰোধ কাৰ্যসূচী পালন কৰে ৷
উল্লেখ্য যে যোৱা আগষ্ট মাহৰ ২৪ তাৰিখেও দলংখনৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ৷ একেদৰে ২৯ আগষ্টত চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত, গড়কাপ্তানি বিভাগ, আচু চেপন আঞ্চলিক, আটাছু চেপন আঞ্চলিক আৰু ঠিকাদাৰ মুন বৰদলৈৰ মাজত অনুষ্ঠিত আলোচনা মৰ্মে ঠিকাদাৰগৰাকীয়ে ৩ ছেপ্টেম্বৰৰ দলং নিৰ্মাণৰ কাম আৰম্ ভকৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷
কিন্তু আজি পৰ্যন্ত নিৰ্মাণৰ কামত হাত নিদিয়াত এই প্ৰতিবাদ সাব্যস্ত কৰে আটছুৰ চেপন আঞ্চিলকে ৷ লগতে প্ৰতিবাদকাৰীসকলে চৰাইদেউৰ উপায়ুক্তলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে ৷
- Log in to post comments
- 15 views