৫ আগষ্টৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ক'ভিচিল্ডৰ দ্বিতীয় পালি প্ৰতিষেধকৰ শিবিৰ

A

নিউজ ডেস্ক :
অহা ৫আগষ্টৰ  পৰা গুৱাহাটী প্ৰেছ ক্লাৱত ক'ভিড ভেকচিনৰ শিবিৰ আৰম্ভ কৰা হ’ব। সাংবাদিক-সংবাদকর্মী সকলৰ বাবে ক'ভিচিল্ডৰ দ্বিতীয় পালি প্ৰতিষেধক শিবিৰ আৰম্ভ হোৱাৰ কথা জনালে প্ৰেছ ক্লাব কৰ্তৃপক্ষই। 
 

উল্লেখ্য যে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা সদস্য সকলেহে দ্বিতীয়পালি প্ৰতিষেধক ল’ব পাৰিব।গুৱাহাটী প্ৰেছ ক্লাৱৰ কৰ্তৃপক্ষই অৱগত কৰা মতে প্ৰথম পৰ্যায়ত ৬দিনৰ বাবে অনুষ্ঠিত হ'ব শিবিৰ।

উক্ত দিনা পুৱা ১০.৩০বজাৰ পূৰ্বে সদস্যসকলে ভেকচিনৰ বাবে নিজৰ নাম গুৱাহাটী প্ৰেছ ক্লাব চৌহদত পঞ্জীয়ন কৰিব লাগিব।

পঞ্জীয়ন পুৱা ৯.১৫বজাৰ পৰা আৰম্ভ হ’ব।প্ৰতিষেধক ৯.৩০বজাৰ পৰা ১২.৩০বজালৈ প্ৰদান কৰা হ’ব।

Your Comments