কটন বিশ্ববিদ্যালয়ত ২০২১-২২ বৰ্ষৰ নামভৰ্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা, সবিশেষ পঢ়ক

Cotton college

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ত ২০২১-২২বৰ্ষৰ নামভৰ্তিৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰ্তৃপক্ষৰ। অহা এসপ্তাহৰ ভিতৰত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি।

উল্লেখ্য যে দশম শ্ৰেণীত লাভ কৰা নম্বৰৰ ভিত্তিত নামভৰ্তি সম্পন্ন হ'ব শিক্ষাৰ্থীসকলৰ।

আনহাতে স্নাতক শাখাৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ইয়াৰ পিছতে।

ক'ৰ’না সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত নামভৰ্তিৰ আৱেদন অনলাইনৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। শীঘ্ৰে প্ৰক্ৰিয়াৰ সবিশেষ বিশ্ববিদ্যালয় ৱেবছাইটত উপলব্ধ হ'ব বুলিও কৰ্তৃপক্ষই অৱগত কৰিছে।

ক'ৰ’না পৰিৱেশৰ মাজতে কটন বিশ্ববিদ্যালয়ে স্নাতক শাখাৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে।১০আগষ্টত স্নাতকোত্তৰ শাখাৰ পৰীক্ষাও সম্পন্ন হ'ব।

স্নাতকোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। 

কটন বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত  নামভৰ্তিৰ সমগ্ৰ তথ্য উপলব্ধ হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰিছে।

Your Comments