উচ্চ ৰক্তচাপত আক্রান্ত হৈ জিএনআৰচিত চিকিৎসাধীন জগদীশ ভূঞা: বৰ্তমান সংকট মুক্ত

A

নিউজ ডেস্ক :

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা অসুস্থ।উচ্চ ৰক্তচাপত আক্রান্ত হৈ ভূঞা দিছপুৰ জিএনআৰচিত চিকিৎসাধীন হৈ আছে।এই কথা জনাইছে এজেপি প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে।
 
উল্লেখ্য  যে বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত হঠাৎ চকুৰে নেদেখাৰ দৰে হৈ পৰা ভূঞাক তাৎক্ষণিক ভাৱে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। উচ্চ ৰক্তচাপত আক্রান্ত হৈ মগজুত ৰক্তক্ষৰণ হৈছিল বুলি জানিব দিয়ে এজেপি প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে।

জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱাৰ তত্বাৱধানত চিকিৎসা চলি আছে।বৰ্তমান সংকটমুক্ত অৱস্হাত আছে সাধাৰণ সম্পাদক গৰাকী।এসপ্তাহ জিএনআৰচিতে চিকিৎসকে নিৰীক্ষণত ৰাখিব।

উল্লেখ্য  যে  বৰ্তমান বাওঁ চকুৰে প্ৰায় নেদেখা হৈ আছে ভূঞাই।

Your Comments