ক'ভিডৰ নতুন বাধ্য-বাধকতা এসপ্তাহৰ বাবে, পঢ়ি লওঁক

A

নিউজ ডেস্ক :

ৰাজ্যত প্ৰকাশ পালে ক'ৰনাৰ নতুন নিৰ্দেশনা।স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলৰ জৰিয়তে এসপ্তাহৰ বাবে জাৰি কৰিলে নতুন নিৰ্দেশনা ।

সম্পূৰ্ন লকডাউন হৈ থকা মৰিগাঁও আৰু গোৱালপাৰা জিলাত সামান্য শিথিল।দিনৰ ১২বজালৈ দোকান- পোহৰ মুকলিৰ অনুমতি। ১ বজাৰ পৰা পুৱা ৫বজালৈ বাহাল থাকিব সান্ধ্য আইন।

আনহাতে, লখিমপুৰ, গোলাঘাট, শোণিতপুৰ যোৰহাট, বিশ্বনাথত এসপ্তাহলৈ বৃদ্ধি সম্পূৰ্ন লকডাউন।আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ থকা বাবে জিলাকেইখনত সম্পূৰ্ন লকডাউন বৃদ্ধি কৰা হৈছে।

ইফালে ২৭খন জিলাত বিয়লি ৩ বজালৈ দোকান-পোহৰ খোলাৰ অনুমতি।আবেলি ৪বজাৰ পৰা পুৱা ৫বজালৈ জিলাকেইখনত সান্ধ্য আইন বাহাল থাকিব।

কামৰূপ মহানগৰ জিলাত বৰ্তমান চলি থকাৰ দৰে আবেলি ৫বজাৰ পৰা সান্ধ্য আইন প্ৰয়োগ হ'ব।দোকান- পোহাৰ আবেলি ৪বজালৈ খুলিব পাৰিব।

পাঁচখন জিলাৰ সম্পূৰ্ন লকডাউন পৰিপ্ৰেক্ষিতত আন্তঃজিলা যাতায়ত আৰু এসপ্তাহলৈ বন্ধ থাকিব।

ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ঈদ উদযাপনত চৰকাৰে জাৰি কৰা নীতি-নিয়ম মানি চলিবলৈ স্পষ্ট ভাৱে নিৰ্দেশ জাৰি কৰিছে।ঈদৰ সমূহীয়া নামাজত পাঁচ জনতকৈ অধিক মছজিদত উপস্থিত থাকিব নোৱাৰিব।নিজৰ ঘৰৰ পৰাই নামাজ পঢ়াৰ আহ্বান চৰকাৰৰ।

Your Comments