বহিঃৰাজ্যৰ বিমান আৰু ৰেলযাত্ৰীৰ ক'ভিড টেষ্ট ৰাজ্যত বাধ্যতামূলক

A

নিউজ ডেস্ক :

ৰাজ্য চৰকাৰে যাত্ৰীৰ বাবে জাৰি কৰিছে নতুন ক'ভিড নিৰ্দেশনা।ৰেল আৰু বিমান যাত্ৰীসকলৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা।দুটা ভেকচিন লোৱা যাত্ৰীসকলেও কৰিব লাগিব ক'ভিড টেষ্ট।ক'ৰনা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ৰাজ্যত।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম।

গুৰুত্বপূৰ্ণ পূৰ্বতে দুটা ভেকচিন লোৱা যাত্ৰীসকলে ভেকচিনৰ প্ৰমাণ পত্ৰ দেখুৱালে ক'ভিড টেষ্ট  কৰাটো প্ৰয়োজন নাছিল।ৰাজ্য চৰকাৰে পূৰ্ব নিৰ্দেশনা প্ৰত্যাহাৰ কৰি জাৰি কৰিছে নতুন নিৰ্দেশনা।

বিমানবন্দৰ আৰু ৰেল ষ্টেচনত কৰিব লাগিব ক'ভিড টেষ্ট।তাৰ বাবে বিমানবন্দৰ আৰু ৰেল ষ্টেচন  কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে।B

Your Comments