আজৱ দেশৰ গজব কাহিনী ৷ বানসমস্যা, কৃষকৰ সমস্যা, মূল্যবৃদ্ধি আদিৰ দৰে জলন্ত সমস্যাবোৰ ৰাজ্যত থকাৰ পিছতো বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আজৱ মন্তব্য ৷ যোৱা কালি মুখ্যমন্ত্ৰী শৰ্মাই ক’লে যে, "গাইৰ পৰা মতা গৰু পোৱালি যাতে জন্ম নাপায়, মাইকী গৰুহে জন্ম পায় তাৰ বাবে বাজেটত আঁচনি ধৰিবলৈ কোৱা হৈছে ৷ মতা গৰুয়ে গাখীৰ নিদিয়ে ৷ সেয়ে মাইকী গৰুহে যাতে জন্ম পায় বাজেটত ধন ধাৰ্য কৰিবলৈ দিয়া হৈছে।”
তেওঁ লগতে কয় যে "মতা গৰুবোৰক কচাইখানাতহে দিয়া হয় ৷ ক'ৰবাত পঠিয়াই দিয়া হয় ৷ ক'লৈ পঠিওৱা হয় সকলোৱে জানে।"
য’ত “কা”, মূল্যবৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ ৱিষয়বোৰত প্ৰশ্ন কৰা বা আলোচনাৰ বাবেও অনুমতি দিয়া নাই, তেনেস্থলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ গো-পালনো নহয়, গো-সুৰক্ষাৰ আলোচকা আগবঢ়ায় ৷ এই ক্ষেত্ৰত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ জনতা ৷ আনহাতে, ৰাজ্যৰ গো-পালক সন্থায়ো অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে গো বিক্ৰী অধিকাৰ বহিৰাগত পুজিপতিৰ হাতত দি পুনৰ অসমীয়া গো-পালক তথা কৃষকৰ ভাত মৰাৰ যো-জা কৰিছে ৷
- Log in to post comments
- 50 views