“পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত বিধায়কৰূপে সদনত উপস্থিত থাকিব নোৱাৰি কোনো দুখ লগা নাই। মৰিয়নি সমষ্টিৰ সমস্যাসমূহ লিখিতভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে। মন্ত্ৰীসকলক সদনৰ বাহিৰত লগ কৰিছোঁ”-এই মন্তব্য মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুর্মীৰ।
মৰিয়নি সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কুৰ্মীয়ে কয়- পিতৃ-মাতৃৰ আৰ্শীবাদ, মৰিয়নিবাসীৰ আস্থা-বিশ্বাস আছে। সমষ্টিবাসীয়ে যদি নহৰুৱাই তেন্তে কোনেও পৰাস্ত কৰিব নোৱাৰে।
ৰিপুন বৰাক কটাক্ষ কৰি কুর্মীয়ে কয়- “মই যদি কংগ্ৰেছৰ কাৰণেই জয়ী হৈছিলো তেন্তে ৰিপুন বৰা কিয় জয়ী হ’ব নোৱাৰিলে। ২০ হাজাৰ ভোটত পৰাস্ত নহয় জয়ী হ’ব লাগিছিল।”
উপ-নির্বাচনত প্ৰাৰ্থীত্ব লাভ কৰিলে পূৰ্বতকৈ অধিক ভোটত জয়ী হম বুলি দৃঢ়ভাৱে কয় কুৰ্মীয়ে।
কংগ্ৰেছ-এআইইউডিএফ- অখিল গগৈৰ চুলি পকি বুঢ়া হৈ যাব কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ে থাকিব- কুৰ্মীয়ে কয়।
'মৰিয়নিৰ উপ-নির্বাচনত ১০জন ৰিপুন বৰা, ১০জন ৰকিবুল হুছেইন, ১০জন গৌৰৱ গগৈ আৰু ১০জন অখিল গগৈ আহিলেও মোক পৰাস্ত কৰিব নোৱাৰে'- কুর্মীয়ে কয়।
আনহাতে কংগ্ৰেছ দলত থাকোতে বিজেপি চৰকাৰৰ 'কা' আইনৰ বিৰুদ্ধে সৰৱ ৰূপজ্যোতি কুর্মীয়ে দল সলনি কৰিয়ে সমৰ্থন কৰিলে 'কা' আইনক।অসমৰ জনতা 'কা' আইনক লৈ চিন্তিত হোৱা হ'লে বিজেপি চৰকাৰক ভোট নিদিলে হয়। লুৰীণজ্যোতি গগৈ পৰাস্ত নহ'ল হেঁতেন।'কা' লৈ অসমবাসী আশ্বস্ত হৈছে। দুই-এটা জাতীয় সংগঠনে 'কা'ক লৈ বিভ্ৰান্তি সৃষ্টি কৰিছে- কুৰ্মীয়ে কয়।
- Log in to post comments
- 13 views