শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ঘোষণা যুক্তিৰে আজি বিধান সভাত ১৫মিনিট ভাষণ অখিল গগৈৰ

A

নিউজ ডেস্ক :

পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত মঙলবাৰে বিধায়ক অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ ওপৰত ১৫মিনিট বক্তব্য ৰাখিব।৫৫১টা পৌৰাণিক কীৰ্তিচিহ্ন থকা শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা নগৰ হিচাপে ঘোষণা কৰাৰ বাবে ভাষণত  উল্লেখ কৰিব বিধায়ক গৰাকীয়ে।এই কথা বিধানসভা অধিৱেশনৰ প্ৰাক মুহূৰ্তত জনালে বিধায়ক গৰাকীয়ে।প্ৰশ্নোত্তৰ শিতানৰ পাছতে সদনত শিৱসাগৰৰ বিষয়ে ভাষণ ৰাখিব গগৈয়ে।

দীর্ঘদিন ধৰি পঢ়া-শুনা, চৰ্চা, দেশৰ পুৰাতত্ব আইন, আহোমৰ ইতিহাস, বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণা প্ৰাথমিক পৰ্যায়সমূহ সকলো সামৰি গগৈয়ে ১৫মিনিট ভাষণ ৰাখিব।

ইফালে বিধায়ক গৰাকীয়ে ৰখা ভাষণৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীয়ে সদনত মন্তব্য প্ৰকাশ কৰিব- এই কথা সংবাদ মাধ্যমক জনালে গগৈয়ে।

Your Comments

Related Articles