সোমবাৰ পৰা অসম বিধানসভা বাজেট অধিৱেশন

A

নিউজ ডেস্ক :

সোমবাৰৰ পৰা অসম বিধানসভাৰ  বাজেট অধিৱেশন।ডঃহিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল হ'ব উক্ত অধিৱেশনত।প্ৰথমবাৰৰ বাবে অসম বিধানসভাত দাখিল কৰিব মহিলা বিত্তমন্ত্ৰীয়ে বাজেট।বিত্তমন্ত্ৰী অজন্তা নেওগে অহা ১৬ জুলাইত দাখিল কৰিব চৰকাৰৰ প্ৰথমখন বাজেট।

এমাহ ধৰি চলিব লগা অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা।

প্ৰথমবাৰৰ বাবে অসম বিধানসভাত বিধায়কে ব্যৱহাৰ কৰিব লেপটপ বা টেবলেট।পছন্দ অনুসৰি নিজৰ লেপটপ-টেবলেট ক্ৰয় কৰা বাবে বিধায়কসকলক ২লাখ টকাকৈ দিয়া হৈছে।

উল্লেখ্য  যে ,বাজেট অধিৱেশনতে চৰকাৰে গো-সুৰক্ষা বিধেয়ক উত্থাপন কৰিব।

ইফালে বিৰোধী বিধায়ক হিচাপে কংগ্ৰেছৰ উপৰিও থাকিব অখিল গগৈ।চৰকাৰক বহুকেইটা বিষয়ত ইতিমধ্যে বিধায়ক গগৈয়ে জবাব দিহি কৰিব বুলি ঘোষণা কৰিছে।

সোমবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব পঞ্চদশ অসম বিধানসভা বাজেট অধিৱেশন।

Your Comments